
চিচিবৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব৷ জল বোমা সদৃশ এই জলবিদ্যুৎ প্ৰকল্প কেতিয়াও হ’বলৈ নিদিয়াৰো হুংকাৰ দিয়ে সংগঠনটোৱে৷
মাত্ৰ ৪৫০ মেগাৱাট শক্তি সম্পন্ন ৰঙানদী জলবিদ্যুত প্ৰকল্পই অতিৰিক্ত পানী এৰাৰ ফলতেই সমগ্ৰ অঞ্চলতো বানপানীত বুৰ গৈ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ।ৰঙানদী জলবিদ্যুত প্ৰকল্পতকৈ আৰু বহু বেছি ডাঙৰ ২০০০ মেগাৱাট শক্তি সম্পন্ন সোৱণশিৰি প্ৰকল্প আৰম্ভ হ'লে যে সমগ্ৰ উজনি অসম ধ্বংস হৈ যাব সেয়া নিশ্চিত বুলি কৈ যি কোনো মূল্যৰ বিনিময়তেই এই বৃহৎ নদীবান্ধ প্ৰকল্প হ’বলৈ নিদিয়াৰ হুংকাৰ দিয়ে যুৱ ছাত্ৰ পৰিষদে৷
ৰাইজৰ প্ৰবল দাবীক আওকান কৰি চৰকাৰে এই প্ৰকল্প নিৰ্মাণ কৰিব নোৱাৰিব বুলি কয় সংগঠনটোৱে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন সভাত এই বিষয়ত আলোচনা কৰা হয় বুলি সংগঠনটোৰ নেতৃত্বই সংবাদমাধ্যমক অৱগত কৰে।
দক্ষিণ ধেমাজি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মিন্টু দূৱৰীক সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত পৰিষদৰ সকলো বিষয়বাবৰ পৰা অব্যাহতি দিয়াৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰিবলৈ অনুৰোধ জনাই কেন্দ্ৰীয় সমিতিলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
ইফালে জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৬ আৰু ২৭ আগষ্টত চিলাপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰঞ্জন দাসে।