
শিমলুগুৰিঃ ধৰ্মীয় অনুষ্ঠান ব’ল বম পালন কৰাৰ নামত একাংশ লোকে শব্দ প্ৰদূষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে নাজিৰা অঞ্চলত ব’ল ব’ম পালন কৰিবলৈ আহি একাংশ লোকে উচ্চস্বৰত গান-বাজনা কৰা বুলি অভিযোগ কৰে৷
আজি আঞ্চলিক সমিতিখনে নাজিৰা মহকুমাধিপতিক এই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি ধৰ্মীয় অনুষ্ঠান ব’ল-ব’মৰ নামত সৃষ্টি কৰা শব্দ প্ৰদূষণ বন্ধ কৰিবলৈ দাবী জনায়।
সংগঠনটোৱে যিকোনো ধৰ্মীয় অনুষ্ঠান নতুবা সাংস্কৃতিক অনুষ্ঠানত নিশা ১১-১২ বজাৰ পাছত উচ্চস্বৰত লাউডস্পীকাৰৰ ব্যৱহাৰ বন্ধ কৰিবলৈ পূৰ্বে প্ৰশাসনে নিৰ্ধাৰণ কৰা নিয়মৰ প্ৰসংগ উল্লেখ কৰে স্মাৰক পত্ৰখনত।
প্ৰশাসনৰ উক্ত নিৰ্দেশক ভেঙুচালি কৰি এচাম অনা-অসমীয়াই ধৰ্মীয় অনুষ্ঠান ব’ল-ব’মৰ নামত সন্ধিয়াৰ পৰা পুৱালৈকে ৰাজপথত উচ্চস্বৰে মাইক ব্যৱহাৰ কৰি শব্দ প্ৰদূষণ কৰা বুলি অভিযোগ উত্থাপন কৰে৷ সমাজত অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰি বুলিও অভিযোগ কৰে সংগঠনটোৱে।
দেখিও নেদেখাৰ ভাঁও জোৰা প্ৰশাসনক কিয় মৌনতা অৱলম্বন কৰা বুলি প্ৰশ্ন কৰি সংগঠনটোৱে মহকুমাধিপতিক এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অন্যথাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে শিমলুগুৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীপজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক ৰূপম শইকীয়াই।