চতিয়াঃ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আয়োজন কৰা ৰঙালী বিহু সন্মিলন আৰম্ভ হয়। পুৱা ৮বজাত বিহুৰ মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দীপক বৰগোঁহাইয়ে আৰু ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৩১ জন প্ৰতিনিধিয়ে ৩১ খন পতাকা উত্তোলন কৰে।

আনহাতে মাজুলীৰ আউনী আটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পিতাম্বৰ দেৱ গোস্বামীয়ে আজি অনুষ্ঠিত হ'বলগীয়া জনগোষ্ঠীয় সমাৰোহ উদ্বোধন কৰিব। লগতে আজি মুকলি বিহু আৰু জেং বিহু সমাৰোহ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।