newsnextone.com | ডিব্ৰুগড়ঃ ৩০ জুনত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ নোপোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এক বিবৃতি যোগে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি চৰকাৰৰ ষড়যন্ত্ৰৰ ফলতে বানপানীৰ অজুহাত দেখুৱাই এনআৰচিৰ দিন পিছুৱাই দিয়া বুলি অভিযোগ উত্থাপন কৰে৷

ৰাজ্যবাসীয়ে অসমত চলি থকা এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ পূৰ্বে নিৰ্ধাৰিত ৩০ জুনৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে পুনৰ এবাৰ দিন পিছুৱাই দিব লগীয়া হোৱাৰ বাবেই সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ উচ্চতম ন্যায়ালয়ৰ দিন পিছুৱাই দিয়াৰ পিছতে এক বিবৃতি যোগে অসম জাতীয়তাবাদী পৰিষদৰ কেন্দ্ৰীয় সভাপতি পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংম‍ায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰকৃততে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এনআৰচি বিলম্ব কৰাৰ ষড়যন্ত্ৰ কৰি উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালিত কৰিব বিচাৰিছে।

সেই বাবেই বানপানীৰ অজুহাত দেখুৱাই এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন পিচুৱাইছে। পৰিষদে অভিযোগ কৰি কয় যে অমসত এনআৰচিৰ কাম অাৰম্ভ হোৱা দিনৰে পৰা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ অাৰু ৰাজ্য চৰকাৰে অসমত এনআৰচি কাম বিলম্ব কৰাৰ বাবে নানান ষড়যন্ত্ৰ কৰি আহিছে। একমাত্ৰ নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে অসমত বহু বাংলাদেশী আৰু কেন্দ্ৰীয় ন'টিফিকেশ্বচন জৰিয়তে ইতিমধ্যেই অসমত প্ৰৱেশ কৰা লাখ লাখ বিদেশী লোকক নাগৰিকপঞ্জীত নাম ভৰ্তিৰ চক্ৰান্ত কৰা বুলি কৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বাৰম্বাৰ এনে ষড়যন্ত্ৰ কৰাটো সৰ্বজন বিদিত বুলি কয় যুৱ-ছাত্ৰ পৰিষদে।

শেহতীয়াভাৱে অসমৰ বানপানীৰ অজুহাতত ভুল তথ্যৰে ৰাজ্য চৰকাৰে মহামান্য উচ্চতম ন্যায়ালয়ক বিভ্ৰান্ত কৰাটো দুৰ্ভাগ্যজনক। ৩০ জুনৰ পূৰ্বেই এনআৰচিৰ প্ৰায় সকলো কাম সম্পন্ন হৈছিল। প্ৰকাশ কৰিব লগীয়া আছিল মাত্ৰ চূড়ান্ত খচৰাহে। তেনেস্থলত প্ৰায় ৮/২০ দিনৰ পূৰ্বৰে পৰা বানপানী কি দৰে ফেক্টৰ হ’ব পাৰে বুলিও পৰিষদে প্ৰশ্ন উত্থাপন কৰে। অহা ৩০ জুলাইৰ ভিতৰত কোনো অজুহাত, কোনো ষড়যন্ত্ৰ নতুনকৈ নকৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ অৱমাননা নকৰি নিৰ্ধাৰিত দিন মতে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ দাবী জনায় সংগঠনটোৱে৷