চৰাইদেউঃ ৰাজ্যখনত এই পৰ্য্যন্ত ৭৪ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু প্ৰায় ২৫ লক্ষ লোকক ক্ষতিগ্ৰস্ত কৰা সংহাৰী বানত অসমৰ ৰাইজ আজি সৰ্বস্বান্ত। এনে পৰিস্থিতিত অসমৰ বানাক্ৰান্তক এটকাও সাহায্য নিদি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ বানপীড়িতক ৫০০ কোটি টকাৰ সাহায্য প্ৰদান কৰি দিল্লীৰ মচনদত থকা সকলৰ অসমৰ প্ৰতি থকা পৰম্পৰাগত বৈষম্যমূলক নীতিকে পুনৰ প্ৰমাণিত কৰিলে। এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ অসমৰ প্ৰতি কৰা এই চৰম প্ৰৱঞ্চনা কেৱল এই বছৰেই নহয় বিগত বৰ্ষসমূহতো পৰিলক্ষিত হৈছিল।

বিগত সময়ত সংহাৰী বানত বিধস্ত অসমৰ ৰাইজক সাহায্য প্ৰদান নকৰি নৰেন্দ্ৰ মোদী চৰকাৰে কাশ্মীৰ, তামিলনাডু আৰু পশ্চিমবংগৰ দৰে ৰাজ্যসমূহক হাজাৰ হাজাৰ কোটি টকাৰ বান সাহায্য প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি কৰা এনে বৈষম্যমূলক আচৰণ আৰু প্ৰৱঞ্চনাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। অসমৰ এই সংহাৰী বানত হেজাৰ হেজাৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে শ-শ বিঘা কৃষি ভূমি বালিত পোত যোৱাৰ উপৰিও গৰাখহনীয়াত নদীৰ বুকুত জাহ গৈছে ঘৰ-ভেঁটি, খেতি মাটি।

এই পৰ্য্যন্ত এক সূত্ৰৰ তথ্য অনুসৰি অসমত বানত প্ৰায় ২৯৩৭ কোটি টকাৰ ক্ষতি সাধন হৈছে। বিগত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে প্ৰদৰ্শন কৰা অসম প্ৰীতিৰ প্ৰকৃত স্বৰূপটো অসমবাসী ৰাইজে এতিয়াহে প্ৰত্যক্ষ কৰিছে বুলি উল্লেখ কৰি নৰেন্দ্ৰ মোদীৰ হাতৰ পুতলা আৰু আৰ এছ এছৰ শ্ৰুতলিপিত চৰকাৰ চলোৱা আৰু কেন্দ্ৰৰ ওচৰত মূৰ দাঙি কথা ক'ব নোৱাৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী, সৰ্বানন্দ সোণোৱালৰো তীব্ৰ সমালোচনা কৰে নেতাদ্বয়ে।

বানাক্ৰান্তক খোৱাপানী, ঔষধ, শিশুৰ পুষ্টিকৰ খাদ্য, পশুধনৰ যাৱতীয় খাদ্য পৰ্য্যাপ্ত যোগান ধৰিব নোৱাৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেন্দ্ৰৰ শ্ৰুতলিপিত অসমৰ বানাক্ৰান্তক সাহায্য দিবলৈ ৰাজ্য চৰকাৰৰ হাতত পৰ্য্যাপ্ত পুঁজি থকা বুলি মিথ্যাচাৰৰ আশ্ৰয় লৈছে। অসমৰ সকলোবোৰ সম্পদ আৰু আয়ৰ উৎস কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতত ৰাখি অসমৰ সকলোবোৰ সমস্যা আৰু দুৰ্যোগ অসমৰ ৰাইজৰ ওপৰত ন্যস্ত কৰিছে বুলি নেতাদ্বয়ে অভিযোগ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাত সাহায্য প্ৰদান কৰাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে অসমক নিজৰ সম্পদ আৰু বিভিন্ন আয়ৰ উৎসসমূহৰ পূৰ্ণ অধিকাৰ প্ৰদান কৰিবলৈ দাবী জনাই সংগঠনটোৱে।

অসমৰ মাজেৰে বৈ যোৱা নদ-নদীসমূহৰ ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰে নদীবান্ধ নিৰ্মাণ কৰি ইয়াৰ পৰা মুনাফা অৰ্জন কৰিছে। ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে এই নদ-নদীসমূহৰ পৰা উদ্ভৱ হোৱা সমস্যা সমূহ সন্দৰ্ভত সম্পূৰ্ণ উদাসী । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰাই অসমৰ সম্পদসমূহৰ ওপৰত অসমৰ ৰাইজৰ পূৰ্ণ অধিকাৰ প্ৰদানৰ দাবীত আন্দোলনৰ কাৰ্য্যসূচী অব্যাহত ৰাখিছে।

অন্যহাতে অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে অসমৰ চাৰিজন বিশেষজ্ঞৰ মতামতক উপেক্ষা কৰি এন এইচ পি চিক নদীবান্ধ নিৰ্মাণ কৰাৰ সেউজ সংকেত দিয়া কাৰ্য্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ-ছাত্ৰ পৰিষদে। যিসময়ত ৰঙানদীত থকা নীপকোৰ বান্ধে লখিমপুৰকে আদি কৰি নামনিৰ অজস্ৰ অঞ্চলত বানৰ সৃষ্টি কৰি জনসাধাৰণৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে চৌদিশে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে  তেনেস্থলত নীপকোৰ বান্ধতকৈ দহোগুণ ডাঙৰ সোঁৱণশিৰি নদীবান্ধে সমগ্র উত্তৰ অসমৰ কি অৱস্থা কৰিব পাৰে সেয়া সহজেই অনুমেয়।

পৰিষদে সোঁৱণশিৰিত বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে এই নদীবান্ধ বন্ধৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজ তথা দল-সংগঠনৰ প্ৰৱল দাবীক আওঁকাণ কৰি সোঁৱণশিৰিৰ বৃহৎ নদীবান্ধ প্ৰস্তুতি পুনৰ আৰম্ভ কৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অচিৰেই কঠোৰ জংগী আন্দোলন গ্ৰহণ কৰিব বুলি পৰিষদৰ নেতাদ্বয়ে অৱগত কৰাৰ লগতে যিকোনো মূল্যৰ বিনিময়ত বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ পৰিষদ বদ্ধপৰিকৰ বুলি জনায়।