
চিচিবৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশন দুদিনীয়াকৈ চিলাপথাৰ নগৰত আজিৰে পৰা অনুষ্ঠিত হয়৷
সংগঠনটোৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিৰো দ্বি-বাৰ্ষিক অধিবেশন একেলগে অনুষ্ঠিত হয়৷ পুৱা পতাকা উত্তোলনেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়াই।
শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক নিৰঞ্জন দাসে। ১১ বজাৰ পৰা জাতীয় মহিলা প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বিয়লি ৩ বজাৰ পৰা যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী পুৰ্ণিমা শইকীয়া আৰু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞি উপস্থিত থাকে। প্ৰতিনিধি সভাত বৃহৎ নদীবান্ধ বন্ধ কৰা, জিলাখনৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে৷