
বিশ্বনাথ চাৰিআলিঃ বানা ক্ৰান্তৰ ওচৰত থিয় দিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে৷
সংগঠনটোৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে হাটখোলা শাখা সমিতিৰ সহযোগত গহপুৰ মহকুমাৰ অন্তৰ্গত কুহিঁমাৰী গাঁৱত দেওবাৰে বানপীড়িতৰ মাজত সাহায্য বিতৰণ কৰে৷
বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত, যুটীয়া সম্পাদক বিতুপন বৰুৱা, বিশ্বনাথ আঞ্চলিক নগৰ সমিতিৰ সভাপতি সুমন শইকীয়াৰ নেতৃত্বত বহু কেইজন সদস্যই বানপীড়িতৰ মাজত চাউল, চেনী, দাইল, বিস্কুট আদি বিতৰণ কৰে৷
সাহায্য বিতৰণৰ সময়ত হাটখোলা শাখা সমিতিৰ উপদেষ্টা যতীন বৰা, প্ৰান্তিক বৰুৱা, সভাপতি বৃন্দজ্যোতি ভৰালী, দিব্যজোতি বৰা, মানস বৰা, প্ৰণৱ দাস, লিয় দাস, নিশান্ত দাস, ত্ৰিনয়ণ বৰা, অম্লান নেওঁগ, ৰক্তিম বৰা, নাছিৰ হুছেইন, কৃষ্ণ প্লাৱন ডেকা, মনোত্তম দাসকে ধৰি ভালেসংখ্য়াক বিষয়-ববীয়া আৰু সদস্য উপস্থিত থাকে।