বিহালীঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জিনজিয়া আঞ্চলিক সমিতিয়ে শনিবাৰে জিনজিনিয়া অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷ কলাপানী খেলপথাৰত সংগঠনটোৱে অনুষ্ঠিত কৰা এখন বিশেষ সভাৰ জৰিয়তে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়।

পুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসুচীক শুভৰাম্ভ কৰে যুৱ-ছাত্ৰ পৰিষদৰ জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি অৱতাৰ কুমাৰ ছাহু আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক শুবেন্দ্ৰ মুখাৰ্জীয়ে৷ অবতাৰ কুমাৰ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সুবেন্দ্ৰ মুখাৰ্জীয়ে।

হাইস্কুল আৰু উচ্চতৰ শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত, সাধাৰণ সম্পাদক অমৰজ্যোতি বৰুৱা প্ৰাক্তন সভাপতি দিব্যজ্যোতি বৰুৱা, প্ৰাক্তন সাধাৰণ সম্পাদক নাছিৰ আহমে, সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি আব্দুল কাদিৰ, ছাত্ৰ সন্থাৰ জিনজিয়া আঞ্চলিক সমিতিৰ সভাপতি ৰূপজ্যোতি উপমন্যু, সাধাৰণ সম্পাদক কৰিম আলি, ছাত্ৰ-ছাত্ৰী অভিভাৱক উপস্থিত থাকে।