
চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটি সজাঁতি দ’লে লখিমপুৰ জিলাৰ বানা বিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰি দূৰ্গত ৰাইজৰ দূৰ্দশাৰ বুজ লয়। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত এটি ২০ জনীয়া সজাঁতি দলে বানাক্ৰান্ত ৰাইজৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।
পৰিষদৰ সজাঁতী দলটোৱে লখিমপুৰ জিলাৰ আমতলা পাথৈচুক, জৈনপুৰ আদি গাঁৱৰ প্ৰায় ১০০০ টা পৰিয়ালৰ মাজত এই সাহাৰ্য্য সামগ্ৰী সমূহ বিতৰণ কৰে। এক বিবৃতি যোগে পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে যি সময়ত ৰঙানদীত নীপকোৱে বান্ধৰ পানী এৰি দিয়াত সমগ্র ধেমাজি, লখিমপুৰ বুৰাই পেলাইছে তেনেসময়তে নীপকোতকৈ চাৰিগুণ অধিক ক্ষমতা সম্পন্ন সোঁৱণশিৰি নদীবান্ধ নিৰ্মাণ কৰিলে নামনি অসমৰ ৰাইজৰ কি দূৰ্দশা হব সেয়া সহজে অনুমেয় বুলি কয়।
এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিশেষজ্ঞসকলৰ মতামতক উপেক্ষা কৰি সম্প্ৰতি এন এইচ পিচিৰ নদীবান্ধ নিৰ্মাণৰ সেউজ সংকেত দিয়াটো অতি দুৰ্ভাগ্যজনক। অসমৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন নাস্যাৎ কৰি লখিমপুৰত পুনৰ এন এইচ পিচিৰ বান্ধ নিৰ্মাণৰ বাবে সেউজ সংকেত দিয়ে। নামনি সোঁৱণশিৰি নদীবান্ধৰ কাম আৰম্ভ কৰা দিনৰে পৰাই পৰিষদে ইয়াৰ প্ৰতিবাদ ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে।
পৰিষদৰ লগতে অসমৰ জনসাধাৰণ আৰু অন্যান্য দল সংগঠনৰ প্ৰতিবাদী কন্ঠক অৱজ্ঞা কৰি কেন্দ্ৰীয় চৰকাৰে পুনৰ নদীবান্ধ নিৰ্মাণৰ সেউজ সংকেত দিয়াটো অতি দুৰ্ভাগ্যজনক। যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী অসম বিদ্বেষী সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। নেতাদ্বয়ে অনতবিলম্বে কেন্দ্ৰীয় চৰকাৰক নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই অচিৰেই পৰিষদে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও বিবৃতি যোগে ভাবুকি প্ৰদান কৰে।