লালুকঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰূপায়ণ কৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচীয়ে ৩০ ঘন্টা পাৰ কৰিলে৷ সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে লখিমপুৰত বৃহৎ নদী বান্ধ বন্ধ কৰাৰ দাৱীত আমৰন অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল৷

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ ঘোষণা নকৰালৈকে আৰু ৰঙানদী  প্ৰকল্পৰ বিষয়াক শাস্তি প্ৰদান নকৰালৈকে এই প্ৰতিবাদ চলি থাকিব বুলি কয়৷ শতাধিক যুৱ-ছাত্ৰৰ নেতা-কৰ্মীয়ে অামৰণ-অনশনত বহি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷

লখিমপুৰ জিলাত বিগত মাহত ৪৫০ মেগাৱাট সম্পন্ন ৰঙানদী জলবিদ্যুত প্ৰকল্পই এৰি দিযা অতিৰিক্ত পানীয়ে ৰাইজৰ আলাই-আথানি নোহােৱা কৰে৷ কেইবা হাজাৰ লোকৰ ঘৰ-বাৰি, সা-সম্পত্তি পানীত জাহ যায়, তিনিজনকৈ লোকৰ মৃত্যু হয়৷ তেনেস্থলত সোৱণশিৰি প্ৰকল্পই কি ৰূপ ল'ব পাৰে সেয়া ভাবিবলৈকে ভয় লাগে বুলি কয় সংগঠনটোৱে৷

ৰাইজৰ প্ৰবল দাবীক আওকাণ কৰি নামনি সোৱনশিৰি প্ৰকল্প হবই বুলি কেন্দ্ৰীয় চৰকাৰে দম্ভালি মৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা আমৰন-অনশনে আজি দ্বিতীয় দিনত ভৰি দিয়ে৷ ৰঙানদী জলবিদ্যুত প্ৰকল্পই পানী এৰি দিয়াৰ ফলত ক্ষতি হোৱা লোকসকলক ক্ষতিপূৰণ দিয়া, প্ৰকল্পৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰা, উপযুক্ত শাস্তি প্ৰদান কৰা আৰু নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বন্ধ কৰাৰ দাবীত যুৱ-ছাত্ৰ পৰিষদৰ অনশন কাৰ্যসূচী আজিও অব্যাহত আছে৷