বোকাজানঃ ৰাজ্যত প্ৰতিটো জাতীয় সমস্যা তথা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সততে মাত মাতি আহিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৱে কাৰ্বি আংলং জিলাতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ কাৰ্বি আংলং জিলা সমিতিৰ আজি ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়৷

এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ সদৰ চহৰ ডিফু নগৰৰ কলাকেন্দ্ৰ ভৱনত অনুষ্ঠিত হয় অধিবেশন খন৷ পুৱা পৰিষদৰ পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰে অনুষ্ঠানৰ শুভৰাম্ভ কৰাৰ লগতে বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ন কৰা হয়৷

নাৰায়ন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত প্ৰতিনিধিৰ সৰ্বসন্মতিক্ৰমে জিতু ফুকনক সভাপতি, অপূৰ্ব দাসক সাধাৰণ সম্পাদক, পৰাণ জ্যোতি ৰাজখোৱা আৰু ত্ৰিদিপ মেচক যুটীয়া সম্পাদক, ৰিপুঞ্জয় শৰ্মা, পল্লবী পাটৰ, মৌচুম প্ৰতীম দাস আৰু কিশোৰ কুমাৰ কলিতাক সাংগঠনিক সম্পাদকৰূপে লৈ ২২জনীয়া জিলা সমিতি গঠন কৰে৷

যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশনত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰঞ্জিত ছাংমাই মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক জিটুল ৰাজখোৱা আৰু সাংগঠনিক সম্পাদক শিৱ কলিতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷