
newsnextone.com | নলবাৰীঃ অগপ, বিজেপি, বিপিএফৰ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কে শূন্য সহনশীলতাৰ কথা কৈ দুৰ্নীতি ৰোধ কৰাৰ কথা কয় যদিও ৰাজ্য চৰকাৰ খনক ভয় নকৰে ঠিকাদাৰ, অভিযন্তাই৷
চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে দুৰ্নীতি৷ চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰী, অভিযন্তা, ঠিকাদাৰে বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কিন্তু এইবাৰ দুৰ্নীতি কৰিবৰ বাবে প্ৰমাণ পত্ৰ দিয়া বুলি খোদ বিজেপিৰ নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়াৰ বাবেই এগৰাকী জাতীয়তাবাদী নেতাক বিজেপি নেতাই প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷
নলবাৰী জিলাৰ নলবাৰী সদৰ সমষ্টিত সংঘটিক দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়াৰ বাবেই এগৰাকী অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাক বৰ্বৰ ভাৱে আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাত৷ অভিযোগ মতে, নলবাৰী জিলাৰ বাহঁজানীৰ জানিগোগ গাঁৱৰ যুৱ-ছাত্ৰ পৰিষদৰ নেতা মনোৰম কলিতাই এটি পথ নিৰ্মাণত সংঘটিত ব্যাপক অনিয়মৰ বিৰুদ্ধে মাত দিয়ে৷
যাৰ বাবেই দুই বিজেপি নেতা মণ্টু কলিতা আৰু হিতেশ কলিতাই যুৱ-ছাত্ৰ পৰিষদৰ নেতা মনোৰম কলিতাক হত্যা কৰাৰ উদ্দেশ্যে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ইমানে নহয় মনোৰম কলিতাৰ ঘৰৰ চোতালত আক্ৰমণ কৰে মণ্টু কলিতা আৰু হিতেশ কলিতাই৷ এগৰাকী যুৱ-ছাত্ৰ পৰিষদৰ নেতাক নিজৰ ঘৰত আক্ৰমণ কৰাৰ ঘটনাক সহজে লোৱা নাই নলবেইৰা ৰাইজে৷
জানিব পৰা মতে, জানিগোগ গাঁৱৰ পথ এম জি এন ৰেগা আঁচনিৰ অধিনত নিৰ্মাণ হৈ আছে৷ পথটোৰ নিৰ্মাণৰ দায়িত্ব লৈছিল মণ্টু কলিতা আৰু হেমেন কলিতা নামৰ দুজন যুৱকে৷ দুয়ো যুৱক বিজেপি নেতা৷ পথটো নিৰ্মাণ হৈ থকাৰ সময়তে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ যাৰ ফলত জানিগোগ গাঁৱৰ যুৱক তথা স্থানীয় যুৱ-ছাত্ৰ পৰিষদৰ নেতা মনোৰম কলিতাই পথ নিৰ্মাণত সংঘটিত দুৰ্নীতি বন্ধ কৰি আঁচনি মতে কাম কৰিবলৈ দাবী জনায়৷
ৰাইজৰ স্বাৰ্থত মাত দিয়াটোৱে কাল হৈ পৰিল মনোৰম কলিতাৰ বাবে৷ পথত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়াৰ কেইটামান ঘণ্টাৰ পিছতে বিজেপি নেতা মণ্টু কলিতা আৰু নিজ ভাতৃ হিতেশ কলিতাই আক্ৰমণ কৰে৷ আক্ৰমণ কৰি থকাৰ সময়তে নিজ বুদ্ধিৰ জৰিয়তে পলায়ন কৰি প্ৰাণ ৰক্ষা কৰে মনোৰম কলিতাই৷
পিছত একাংশ লোকে গুৰুতৰ ভাৱে আহত যুৱ-ছাত্ৰ পৰিষদৰ নেতা মনোৰম কলিতাক নলবাৰী হস্পিতালত ভৰ্তি কৰে৷ মনেৰাম কলিতাই দুই বিজেপি নেতাৰ বিৰুদ্ধে নলবাৰী সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে যদিও নলবাৰী আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে স্থানীয়ে ৰাইজে এই ঘটনাক গৰিহণা দি বিজেপিৰ দুয়োগৰাকী নেতা স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাৰ সাঁচ মানুহ বুলি কয়৷ ৰাইজে নলবাৰীৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰি পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰাৰ লগতে আক্ৰমণকাৰীক শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷