
newsnextone.com | চিচিবৰগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈ আছে৷ শনিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন প্ৰান্তত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়ক খন বাতিলৰ দাবী জনায়৷
অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবা হাজাৰ লোক ধেমাজি চহৰলৈ ওলাই আহে৷ জাতি ধ্বংসী বিধেয়ক বাতিলৰ দাবীত ধেমাজিৰ ৰাইজ শনিবাৰে পুৱাৰে পৰা ধেমাজি চহৰৰ কাছাৰী ময়দানলৈ ওলাই আহে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, হিন্দু সংস্থাপন কৰিব নিদিয়াৰ লগতে অসম চুক্তি ৰূপায়নৰ দাবীত অনুষ্ঠিত সমদল আৰু গণ সভাত ৰাজ কঁপি উঠে৷ অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবী জনাই গণ সভাই৷ অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি আহ্বানত অনুষ্ঠিত সভাত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠন নেতৃত্ব উপস্থিত থাকি কোনো কাৰণত বিধেয়ক গৃহীত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷