
লালুকঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিনিধি দলৰ সৈতে সোমবাৰে সচিবালয়ত ৰাজ্য চৰকাৰ আৰু নীপকোৰ প্ৰথমলানি বৈঠক সম্পন্ন হয়৷
উল্লেখ্য যে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ৩ জুলাইৰ পৰা লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত নীপকো আৰু এন এইচ পি চি ৰ বিৰুদ্ধে আমৰণ-অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল৷
প্ৰায় ৩০ ঘন্টীয়া আমৰণ-অনশনৰ মাজতে ৰাজ্য চৰকাৰৰ মুখ্য সচিবে লখিমপুৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তা অনুসৰি আলোচনাৰ বাবে আজি নিমন্ত্ৰণ জনাইছিল আৰু সেই অনুসৰি যুৱ ছাত্ৰ পৰিষদে অনশন স্থগিত ৰাখে।
আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক প্ৰতিনিধি হেমচন্দ্ৰ গোস্বামী, ভবেন শইকীয়া, পলাশ চাংমাই উপস্থিত থাকি ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ সৈতে প্ৰথমলানি আলোচনাত মিলিত হয়৷ যুৱ-ছাত্ৰ পৰিষদৰ জ্যেষ্ঠ নেতা হেমচন্দ্ৰ গোস্বামীয়ে 'নিউজ নেক্সট ৱান'ক জনোৱা মতে প্ৰথমলানি আলোচনা ফলপ্ৰসু হৈছে৷
ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে সংগঠনটোৰ দাৱী সমূহ পৰ্যালোচনাৰ বাবে গুৰুত্ব সহকাৰে লৈছে বুলিও প্ৰতিনিধি দলটোৱে জানিবলৈ দিছে। উল্লেখ্য যে বৈঠকত নীপকো আৰু এন এইচ পি চিৰ বিষয়ববীয়া তথ লখিমপুৰ জিলাৰ উপায়ুক্ত উপস্থিত থকাৰ কথা আছিল যদিও অনিবাৰ্য কাৰণত তেওঁলোকৰ পক্ষে সেয়া সম্ভৱ হৈ নুঠিল।
সেয় অহা ২৩ আগষ্টত সচিবালয়তে সকলো পক্ষৰ উপস্থিতিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিনিধি দলৰ সৈতে দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। উক্ত বৈঠকৰ ওপৰতে লখিমপুৰ আৰু ধেমাজি জিলাৰ বানাক্ৰান্ত ৰাইজৰ ভবিষ্যত বহুখিনি নিৰ্ভৰ কৰাৰ লগতে যুৱ ছাত্ৰ পৰিষদৰো পৰৱতী কাৰ্যসূচী নিৰ্ণিত হ'ব৷