চিচিবৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখন বৃহস্পতিবাৰে সমাপ্ত হয়।

কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি হেমচন্দ্ৰ গোস্বামী উপ সভাপতি ৰঞ্জিত চাংমাই সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞিৰ উপস্থিত অন্তিমখন প্ৰতিনিধি সভাই নিৰঞ্জন দাসক সভাপতি, প্ৰিয়াংকু চুতীয়া, নীল গগৈ, প্ৰভাত গগৈক উপ সভাপতি আৰু বিষ্ণু শৰ্মাক সাধাৰণ সম্পাদক, ভাস্কৰ বুঢ়াগোহাঞি আৰু ৰঞ্জন বড়াক যুটিয়া সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন পুৰ্ণাংগ জিলা সমিতি গঠন কৰে।