চিচিবৰগাঁওঃ ধেমাজিত নদীবান্ধৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল কেইবাশতাধিক লোক৷ হাতে হাতে বেনাৰ-ফেষ্টুন লৈ চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে লোকসকলে৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত কেইবাশতাধিক লোকে সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ধৰ্ণা প্ৰদৰ্শন কৰে৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি উত্তৰ পূৰ্ৱাঞ্চলত কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা সকলো বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰি ৰ্উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দেৱজিৎ দাস, জিলা সমিতিৰ সভাপতি নৃপেন ভিতৰুৱাল কোৱঁৰ, সাধাৰণ সম্পাদক নিৰঞ্জন দাসে ধৰ্ণা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কোনো কাৰণত বৃহৎ নদীবান্ধ হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে৷