
চিচিবৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ উত্তাল হ’ল ধেমাজি জিলাৰ চিচিবৰগাঁও৷ ধেমাজি জিলাৰ গ্ৰাম্য পথ সমূহ মেৰামতি কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেইবাটাও সংগঠনৰ সহযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে চিচিবৰগাঁও চাৰিআলিত মঙলবাৰে ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই৷
জাতি, মাটি আৰু ভেটিৰ কথা কৈ ৰাইজৰ ভোট লৈ চৰকাৰ গঠন কৰি চৰকাৰে এতিয়া উন্নয়ণত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই৷ ধেমাজি জিলাৰ চিচিবৰগাঁও অঞ্চলৰ বাট-পথ সমূহত এচপৰা মাটি নপৰাৰ অভিযোগ উত্থাপন কৰি পথ সমূহ যাতায়াতৰ বাবে উপযোগী হৈ থকা বুলি অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই।
শেহতীয়াকৈ ব্যস্ত অঞ্চলটোৰ উপ পথ সমূহৰ দুৰৱস্থাই বাৰুকৈয়ে জ্বলা কলা খুৱাইছে অঞ্চলবাসীক। পথ সমূহ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰাত ১৭ খন গাঁও পঞ্চায়তৰ অধিনৰ চিচিবৰগাঁও অঞ্চল উন্নয়ণৰ নামত শূণ্য বুলি কয় সংগঠন সমূহে। এচাম দুৰ্নীতিগ্ৰস্ত বিষয়া, ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবেই কোনো উন্নয়ণ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়াই।
যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চিচিবৰগাঁৱৰ যুৱ সমাজ চিচিবৰগাঁও চাৰিআলিৰ-শ্বহীদবেদী গড়কাপ্তানি পথ, চিচিবৰগাঁও চাৰিআলি-আমগুৰি পথ নিৰ্মাণৰ লগতে চিচিবৰগাওঁ উন্নয়ন খণ্ডত সংঘটিত কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়৷ কাৰ্যসূচীত যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, উপ-সভাপতি প্ৰভাত গগৈ, সাংস্কৃতিক সম্পাদক পুলেন দাস, সাংগঠনিক সম্পাদক ৰূস্তম ৰেগন, তপন শইকীয়া, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞা উপস্থিত থাকে৷