
চিচিবৰগাঁওঃ ধেমাজিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ সংগঠনৰটোৰ নেতা-কৰ্মী পুৱাই ৰাজ পথলৈ ওলাই আহি ১৫নং ঘাইপথ অৱৰোধ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে বৰদলনি আঞ্চলিক সমিতিৰ সহযোগত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ চমৰাজানত পথ অৱৰোধ কৰি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ লগতে জীয়াঢল আৰু কুমটীয়া নৈৰ দুয়োপাৰৰ মথাউৰী বিজ্ঞানসন্মত ভাবে শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবী জনায়৷
বিগত ১৭ বছৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধস্ত অংশ শীঘ্ৰে নিৰ্মাণ কৰা, কুমটীয়া নৈৰ ওপৰৰ পকী দলং পুনৰ নিৰ্মাণ কৰাৰ দাবীত অসম চৰকাৰ হায় হায়, জলসম্পদ বিভাগ গ’ বেক, পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মিছলীয়া আদি শ্ল’গানেৰে ২ ঘণ্টা সময় পথ অৱৰোধ কৰে সংগঠনটোৱে।
প্ৰতিবাদস্থলিত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা উপদেষ্টা শৰৎ চুতীয়া, যুটিয়া সম্পাদক ৰঞ্জন বৰা, সাংগঠনিক সম্পাদক অটুল হাজৰিকা, সঞ্জীৱ দাস, কামাখ্যা সোনোৱাল বৰদলনি আঞ্চলি সমিতি, সদৰ আঞ্চলিক সমিতি, গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি-সাধাৰণ সম্পাদকৰ লগতে জাতীয় মহিলা পৰিষদৰ কৰ্মী উপস্থিত থাকে।