চিচিবৰগাঁওঃ চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ নামত কেৱল বিজ্ঞাপনৰ বাবেই কোটি কোটি টকা খৰছ কৰি আহিছে সেয়া একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কোনোকোনো ঠাইত এই আঁচনিৰ প্ৰভাৱ পৰা দেখা নাযায়৷ যাৰ ফলত প্ৰহতিবাদ সাব্যস্ত কৰা হ’ল অসম জাতীয়তাবাদী যৱ-ছাত্ৰ পৰিষদে৷ ধেমাজি নগৰৰ মাজমজিয়াত বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

ধেমাজি নগৰৰ বজাৰ চৌহদত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি আৱৰ্জনা আতৰাই নিয়াৰ দাবী জনায়৷ সপ্তাহটোৰ বৃহস্পতিবাৰ আৰু দেওবাৰে বজাৰ বহে যদিও নগৰখনৰ জনসাধাৰণে অ-স্বাস্থ্যকৰ আৰু দূৰ্গন্ধময় পৰিবেশত খাদ্য সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিবলগা হয়। নগৰখনত যান-জোঁটৰ সমস্যা, কৃত্ৰীম বানপানী, নলা নৰ্দমা নিৰ্মাণ, সমস্যাৰে জৰ্জৰিত বুল যুৱ-ছাত্ৰই পৰিষদে অভিযোগ উত্থাপন কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে বজাৰৰ মাজমজিয়াত নগৰ সমিতিৰ বিৰুদ্ধে ধেমাজি নগৰৰ আৱৰ্জনা সাপ্তাহিক বজাৰৰ চৌহদৰ পৰা শীঘ্ৰে আতঁৰাই পৰিস্কাৰ কৰা, ধেমাজি নগৰৰ নলা নৰ্দমা বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ ব্যৱস্থা কৰা, বজাৰৰ খাদ্য সামগ্ৰী নিৰ্দ্ধাৰিত মূল্য নিৰূপনৰ ব্যৱস্থা কৰা, নগৰ খনৰ যান-জোঁটৰ সমস্যা দূৰ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰি তোলে। কাৰ্যসূচীত জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, উপদেষ্টা বিপুল চাংমাই, সাংস্কৃতিক সম্পাদক পুলেন দাস, সদৰ আঞ্চলিক সমিতিৰ সভাপতি ভুপেন দিহিঙীয়া, সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়াকে ধৰি পৰিষদৰ শতাধিক কৰ্মী উপস্থিত থাকে৷