লালুকঃ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ ২০১১ চনৰ পৰাই ৰাজ্যবাসীয়ে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও জনমতক সন্মান নজনায় কেন্দ্ৰত বহা পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ বিজেপি দলৰ চৰকাৰে বৃহৎ নদীবান্ধৰ কাম চেকা-চোৰোগাকৈ চলাই গৈছে৷

কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ২০১৪ চনৰ পূৰ্বে বিজেপি দলেও বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল৷ কিন্তু শাসনত বহি ওলোটা খৰ মাৰি হৈ এতিয়া কেন্দ্ৰীয় চৰকাৰে এই বানেধ সম্পূৰ্ণ কৰিবলৈ উঠি পৰি লাগিছে৷ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তিনি আগষ্টৰ পৰা আৰম্ভ কৰে আমৰণ-অনশন৷

সংগঠনটোৰ লখিমপুৰ জিলা সমিতিয়ে প্ৰায় ৬০ ঘন্টা আমৰণ অনশন কৰাৰ অন্তত ৰাজ্য চৰকাৰে আলোচনাৰ উদ্যোগ লয়৷ সংগঠনটোৱে শনিবাৰে আবেলি ৪ বজাত সাময়িকভাৱে অনশন স্থগিত ৰাখে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু নীপকো জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষৰ আহ্বান মৰ্মে সাময়িকভাবে স্থগিত ৰাখিছে যদিও আলোচনা ফলপ্ৰসূ নহ'লে পুনৰ আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱ।

নীপকোৱে এৰি দিয়া পানীয়ে লখিমপুৰ জিলাৰ হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ হেৰুৱাই নিঠৰুৱা হৈছিল৷ সংগঠনটোৱে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ লগতে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে ক্ষতি কৰা লোকসকলক সাহায্য প্ৰদানৰ দাবী জনাইছিল৷ নীপকোৰ পৰা দাবী কৰা ক্ষতিপূৰণ সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিব পর্যায়ত হ’ব লগা আলোচনাৰ বাবে জিলা উপায়ুক্তৰ পৰা এখন পত্ৰ লাভ কৰাৰ পাছতে শনিবাৰে অনশন স্থগিত ৰাখে সংগঠনটোৱে৷

আলোচনা লখিমপুৰবাসীৰ অনুকুলে নগ’লে পুনৰ জংগী ৰূপত এই আন্দোলন গঢ়ি তোলা হ’ব বুলিও স্পষ্ট কৰে দিয়ে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই। কাইলৈ লখিমপুৰ প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব৷

নীপকোৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে ৯ আৰু ১১ জুলাইত লখিমপুৰৰ জৈনপুৰ আৰু বগলীজান অংশত ৰঙানদীৰ দুয়োপাৰৰ মথাউৰি ছিঙি সৃষ্টি কৰা বিভীষিকাৰ ক্ষতিপূৰণ আৰু নীপকোক নাকী লগোৱাৰ দাবীত পৰিষদৰ লখিমপুৰ জিলাৰ সভাপতি সৌৰভ দাস আৰু সাধাৰণ সম্পাদক নীৰেণ বৰুৱাই ৩ জুলাইৰ পৰা নিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছিল। শনিবাৰে দুয়োকে মিঠাই আৰু ফলৰ ৰস খুৱাই অনশন কাৰ্যসূচীৰ সামৰণি পেলায় নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান চেতিয়াই।