গোৰেশ্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম সম্পুৰ্ণ কৰা, অসমত পূৰ্ণ স্বায়ত্ব শাসন প্ৰৱৰ্ত্তন কৰা, দ্বি-নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰৰ ব্যৱস্থা কৰাৰ আদিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে মঙলবাৰে পুৱা ১০ বজাৰ পৰা গোৰেশ্বৰত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে।

গোৰেশ্বৰ বাছ আস্থানত  ৰূপায়ন কৰা এই কাৰ্যসুচীত কেন্দ্ৰীয় উপদেষ্টা জ্যোতিৰ্ময় কলিতা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তৰুণ দাস আৰু ৰঙিয়া জিলা যুব ছাত্ৰ পৰিষদৰ সম্পাদক ৱাহেদৰ ৰহমান উপস্থিত থাকে৷