গোৰেশ্বৰঃ প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়োৱে বিধায়ক হৈ কালত গোৰেশ্বৰ অঞ্চলত কেইবাটাওঁ আঁচনি তথা অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপন কৰিছিল৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি কৃষি বিভাগৰ কাৰ্যালয়লৈ বহু বিভাগৰ কাৰ্যালয় স্থাপন কৰি ইতিহাস ৰচনা কৰি যোৱা বুলি কব পাৰি৷ থানেশ্বৰ বড়োৱে মন্ত্ৰী হৈ থকাৰ সময়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু গোৰেশ্বৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয় নিৰ্মাণ কৰি তদানীন্তন অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বাৰা উদ্ধোধন কৰাইছিল৷

অগপৰ কাৰ্যকালত অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰত নিৰ্মাণ কৰিছিল ত্ৰিশ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয় খন৷ গোৰেশ্বৰ চহৰৰ মাজ মজিয়াত তথা বাছ আস্থান-গোৰেশ্বৰ মহাবিদ্যালয়ৰ সমীপত নিৰ্মাণ কৰা চিকিৎসালয় খনত প্ৰায় ২০টা বছৰ ভাৰতীয় সেনাই বাহৰ পাতি আছিল৷ চিকিৎসক-নাৰ্চ, সা-সৰঞ্জাম নথকাৰ ফলত চূণ-তেল সানি থোৱা গৃহ সমূহত প্ৰায় ২০টা বছৰ সেনাই বাহৰ পাতি থকাত চিকিৎসা সেৱাত ব্যাহত হৈ আছিল৷

সুন্দৰ আৱাস গৃহ, বিদ্যুৎৰ সুবিধা, পানীৰ সুবিধা থকাৰ পিছতো কংগ্ৰেছ চৰকাৰে অগপৰ কাৰ্যকালত নিৰ্মাণ কৰা চিকিৎসালয় খনক গুৰুত্ব প্ৰদান নকৰিলে৷ তংগ্ৰেছে কেৱল অগপৰ কাৰ্যাকালত নিৰ্মাণ কৰা চিকিৎসালয় বাবেই এবাৰলৈও ঘুৰি নাচালে চিকিৎসালয় খন৷প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুকলি কৰা চিকিৎসালয় খনত বহু বছৰ ধৰি মাথো এগৰাকী চিকিৎসক আৰু তিনিগৰাকী নাৰ্ছ আছিল৷ সেনাই বাহৰ পাতি থকাৰ বাবে বহু লোকে চিকিৎসালয়লৈ আহিবলৈ সংকোচ অনুভৱ কৰিছিল৷ ইমানে নহয় দিনৰ বাৰ বজাৰ পিছত চিকিৎসালয় খন বন্ধ হৈ পৰিছিল৷

কিয়নো চিকিৎসালয় খনত চিকিৎসকৰ লগতে নাৰ্ছৰ আৱাস গৃহত নাথাকি ঘৰৰ পৰা আহ-যাহ কৰিছিল৷ গোৰেশ্বৰৰ দল-সংগঠনে দীৰ্ঘ দিনধৰি চিকিৎসালয় খনত চিকিৎসক-নাৰ্চৰ নিযুক্তি দি কাৰ্যক্ষম কৰিবলৈ দাবী জনাই আহিছে যদিও পূৰ্বৰ চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে৷ যাৰ ফলত যোৱাটো বিধান সভাত নিৰ্বাচনত গোৰেশ্বৰৰ লোকে কংগ্ৰেছক এসেকা দি বিদায় দিয়ে৷ পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক ভোট দিলে ৰাইজে কিন্তু একো দিব পৰা নাই বিজেপি দলৰ বিধায়কে৷

গোৰেশ্বৰৰ ৰাইজে পৰিৱৰ্তন হলে দেখা নাপালে৷ ২টা বছৰ পাৰ হ’বল হ’ল যদিও বিজেপি চৰকাৰ তথা ৰঙিয়াৰ বিধান সভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই চিকিৎসালয় উন্নয়ণৰ বাবে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ সভাই সমিতিয়ে বৰ বৰ কথা কোৱা ৰাইজক মন্ত্ৰী হোৱাৰ সপোন দেখুওৱা বিধায়ক ভৱেশে কাম কৰিবলৈ সক্ষম হোৱা নাই৷ কেৱল আধা নিৰ্মাণ কৰিবলগীয়া পথৰ ফিটা কটাৰ লগতে পথ মেৰামতিৰ শুভাৰম্ভ কৰাত ব্যস্ত হৈ পৰিছে বিধায়কগৰাকীয়ে৷ আজিলৈ চিকিৎসালয় খনৰ ফালে ঘুৰি চাবলৈ সময় হোৱা নাই৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমুল পৰিৱৰ্তন হোৱা বুলি চৰকাৰে দাবী কৰি আহিছে যদিও উপযুক্ত চিকিৎসা সেৱাৰ পৰা আজিও বঞ্চিত হৈ আছে গোৰেশ্বৰবাসী।

বিটিএডি প্ৰশাসনে যোৱা ১৫ বছৰে খাই-শুই দিন পাৰ কৰিছে৷ উৰনীয়া সেতু নিৰ্মাণ কৰিম বুলি গোৰেশ্বৰৰ ৰাইজক ৰামঠগন দিয়া বিটিচি কৰ্তপক্ষই কেৱল ক্ষমতাৰ লালসাত এবাৰ পবিত্ৰ বড়োক এবাৰ মহেশ্বৰ বড়োক গোৰেশ্বৰ সমষ্টিৰ নেতা পাতি কেৱল ক্ষমতা লাভ কৰি থকাৰ চেষ্টা চলাই গৈছে৷ তাৰ মাজতে, বুধবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে চিকিৎসালয়খনৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

গোৰেশ্বৰ আঞ্চলিক যুব-ছাত্র পৰিষদৰ সভাপতি ৰেজেকুদ্দিন আহমেদ আৰু সম্পাদক হিৰেণ ৰাজবংশী এখন স্মাৰক পত্ৰ বাক্সা জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰে। গোৰেশ্বৰ ত্ৰিশ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰ বৰ্তমানৰ দুৰাৱস্থাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজে উপযুক্ত স্বাস্থ্যসেৱা লাভৰ পৰা বঞ্চিত হৈ আছে। ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমানেও নাই পৰ্যাপ্ত পৰিমাণৰ বিচনা, চিকিৎসক, চিকিৎসা কৰ্মী, উপযুক্ত লেবৰেটৰী আৰু ঔষধ।

চিকিৎসালয়খনত চিকিৎসকলে দিনৰ এক বজাৰ পিছত কৰ্তব্যত উপস্থিত নাথাকে, যাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। ফলস্বৰূপে গোৰেশ্বৰৰ ৰাইজে সাধাৰণ ৰোগতো ৰঙিয়া, নলবাৰী, গুৱাহাটী আদিলৈ চিকিৎসা সেৱা লাভৰ বাবে ঢাপলি মেলিবলগীয়া হয়। ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত আন্তঃগাঁথনি আৰু উন্নত মানৰ চিকিৎসাৰ সা-সুবিধা আৰু পৰ্যাপ্ত চিকিৎসা কৰ্মীৰে নিযুক্তি দি চিকিৎসালয়খন এশ খন বিচনাযুক্ত চিকিৎসাসয়লৈ উন্নীত কৰাৰ দাবী জনায় সংগঠনটোৱে। পৰিৱৰ্তনকামী চৰকাৰক পৰিষদে পুৱা দহ বজাৰ পৰা দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি গোৰেশ্বৰত স্বাস্থ্যসেৱা উন্নত কৰাৰ দাবী জনায়।