
গোৰেশ্বৰঃ থলুৱাৰ নিৰপত্তা সুনিশ্চিত কৰাৰ দাবীত গোৰেশ্বৰত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত আজি হাতে হাতে জোঁৰলৈ অনা-অসমীয়াৰ দপ-দপণিৰ বিৰুদ্ধে ওলাই আহে শ শ লোক৷ নগাঁও কাণ্ডৰ পাছত ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সংগঠনটোৱে এক জোঁৰ সমদল উলিয়ায় ৰাজপথ উত্তাল কৰি তোলে৷
গোৰেশ্বৰ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদ, আছু, আক্ৰাছু, গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদ, মুছলিম যুৱ পৰিষদ, অবড়ো সুৰক্ষা সমিতি, প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ লগতে কেবাটাও স্থানীয় দল-সংগঠনৰ সহযোগত গোৰেশ্বৰ চহৰত জোঁৰ সমদল উলিয়ায় ৰাজ পথ কপাই তোলে।
গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা প্ৰাংগনৰ পৰা সমদল কৰি চহৰৰ মাজেৰে হাতে হাতে জোঁৰ লৈ অসম বিৰোধী চক্ৰ হুচিয়াৰ, অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, অসম বিৰোধী চক্ৰ হুচিয়াৰ আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে।
যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা জ্যোৰ্তিময় কলিতাই জোঁৰ সমদলত উপস্থিত থাকি অসমীয়া খিলঞ্জীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সকলো জাতি-ধৰ্মৰ লোক ৰাজপথলৈ ওলাই আহিছে আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি হ'লেও আমি নিজৰ অধিকাৰ সুৰক্ষিত কৰিম বুলি কয়।
জোঁৰ সমদলত যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি ৱাহেদৰ ৰহমানে অংশলৈ যিকোনো মূল্যৰ বিনিময়ত অসমৰ পৰা খলঞ্জীয়া বিৰোধী চক্ৰক চৰকাৰে উৎখাত কৰিবই লাগিব বুলি কয়।
জোঁৰ সমদলত ৰঙিয়া জিলা সমিতিৰ সম্পাদক কৰেন্দ্ৰ কলিতাৰ লগতে কেবাজনো শীৰ্ষ নেতা উপস্থিত থাকে। গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ বাক্সা জিলা সমতিৰ সভাপতি জালালুদ্দিন আহমেদে নগাঁও কাণ্ডৰ অপৰাধীক শাস্তি বিহিবলৈ দাবী জনায়।