
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ জাগুনত বুধবাৰে ক্ষোভিত ৰাইজ ৰাজ পথলৈ ওলাই আহে৷ দীৰ্ঘদিন ধৰি ৰাইজে সমষ্টিটোৰ বাট-পথ সমূহ মেৰামতি, নৈৰ খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও স্থানীয় বিধায়কে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত ৰাইজ ৰাজ পথলৈ ওলাই আহে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সমষ্টিটোৰ অন্যতম ব্যস্ত জাগুন-নামচিক গড়কাপ্তনি পথ মেৰামতি নকৰাৰ ফলত ডাঙৰ ডাঙৰ গা’ত আৰু পূৰ্বৰ পকীবোৰ এৰি গৈ গাড়ী-মটৰ চলাবৰ উপায় নোহোৱা হৈছে৷
ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজে দৈনিক যাতায়তৰ বাবে এই পথটো ব্যৱহাৰ কৰে। কিন্তু পথৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ যাতনাৰ অন্ত নোহোৱা হৈছে। ব্যৱসায়ীৰ লগতে কৃষক সকলোৰো দুৰ্ভোগৰ সীমা নহোৱা হৈছে।
কেৱল এই পথটোৱে নহয় অঞ্চলটোৰ কেইবাটাও পথ মেৰামতিৰ অভাৱত এতিয়া গাড়ী-মটৰ চলাচল কৰিব নোৱাৰা হৈছে৷ নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথাৰে প্ৰতিশ্ৰুতি দিয়া বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচন পাৰ হোৱাৰ পাছত সমস্যা সমূহক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
যাৰ ফলত ৰাইজে ৰাজ পথত বিধায়ক ‘ভাস্কৰ শৰ্মাৰ কাম নাই’ বুলি শ্ল’গান দিবলৈ বাধ্য হয়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিয়ে জাগুন-নামচিক পথ অৱৰোধ কৰি শীঘ্ৰে৷ শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনায়৷
আনহাতে সংগঠনটোৱে পথটো মেৰামতি নকৰা পৰ্যন্ত অত্যাধিক বোজা কঢ়িওৱা যান-বাহনৰ চলাচল বন্ধ ৰখাৰ লগতে বুঢ়ীদিহিং-টিৰাপ নৈত চলি থকা অবৈধ শিল-বালি খনন শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায়৷
প্ৰতিবাদকাৰীসকলে গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম মুৰ্দাবাদ, বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ শ্ল’গানেৰে জাগুনৰ আকাশ-বতাহ কঁপাই তোলে৷ প্ৰতিবাদকাৰীসকলে মাৰ্ঘেৰিটাৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।