বোকাজানঃ বিজেপিয়ে ৰাজ্যৰ শাসন ভাৰ লোৱাৰ পাছৰে পৰা অসমত খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত অনা-অসমীয়াৰ আক্ৰমণ বৃদ্ধি পাইছে৷ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছতে চিলাপথাৰৰ পাছত নগাঁৱত খিলঞ্জীয়া অসমীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমত নগাঁও কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে আজি বকলীয়াঘাটত এক বৃহৎ জোৰ সমদল জোৰ সমদল উলিয়ায় আকাশ বতাহ কপাই তোলে৷ চাবুৱা, হোজাই আদি ঠাইত প্ৰতিবাদী দল সংগঠন তথা জনতাই পৰেশ বৰুৱা তথা আলফা জিন্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰাৰ পাছত আজি পুনৰ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বকলীয়াঘাটৰ ৰাজপথ উত্তাল হ’ল পৰেশ বৰুৱা জিন্দাবাদ ধ্বনিৰে৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠন তথা বকলীয়াঘাটবাসী ৰাইজৰ সহযোগত কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ পৰেশ বৰুৱা জিন্দাবাদ, সংযুক্ত মুক্তি বাহিনী অসম জিন্দাবাদ, অনা-অসমীয়া হুচিয়াৰ, বিজেপি গ' বেক, বাংলাদেশী হুচিয়াৰ, যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ, অসম চৰকাৰ হায় হায়, দোষীক উচিত শাস্তি প্ৰদান কৰক, আলফা জিন্দাবাদ আদি ধ্বনিৰে নগাঁও কাণ্ডৰ বিৰুদ্ধে বকলীয়াঘাটৰ হালধিআটিৰ পৰা কলনী তিনিআলিলৈ প্ৰায় দুই কিলোমিটাৰ পথ প্ৰতিবাদী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

সমদলটোৱে কলনী তিনি আলিৰ পৰা পুনৰ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দিশে অগ্ৰসৰ হয় আৰু বিদ্যালয় প্ৰাংগনত কাৰ্যসূচীৰ অন্ত পেলাই ৷ যুৱ-ছাত্ৰ পৰিষদ, কাৰ্বি আংলং জিলা সমিতিৰ নৱ-নিযুক্ত সাধাৰণ সম্পাদক অপূৰ্ব দাসৰ নেতৃত্বত উলিওৱা জোৰ সমদলত পৰিষদৰ পাৰখোৱা আঞ্চলিক সমিতি আৰু ৰজাপথাৰ আঞ্চলিক সমিতিয়ে অংশগ্ৰহণ কৰাৰ উপৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ভবেশ গগৈও উপস্থিত থাকে৷

সন্মিলিত কাৰ্বি আংলং ছাত্ৰ পৰিষদ, প্ৰাক্তন আলফা, প্ৰাক্তন ইউপিডিএছ, আমছু আদি সংগঠন তথা বকলীয়াঘাটবাসী ৰাইজে স্বতঃস্ফূতভাবে ওলাই আহি প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নগাঁৱতত খিলঞ্জীয়াৰ ওপৰত আক্ৰমণৰ বাবে বিজেপি, আৰএছএছ আদি হিন্দুত্ববাদী দল সংগঠন বোৰেই জগৰীয়া বুলি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰী দল-সংগঠন তথা প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে৷ অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি হলে অনা-অসমীয়াই উচিত প্ৰত্যুত্তৰ পাবলৈ সাজু থাকক বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে৷