newsnextone.com | গোৰেশ্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে৷ দল-সংগঠন, সামাজিক সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, ব্যক্তি বিশেষে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ পিছ পৰি থকা নাই বাক্সা জিলাৰ গোৰেশ্বৰ-নাওকাটা অঞ্চলো৷ বাক্সা জিলাৰ গোৰেশ্বৰত দেওবাৰে অবড়ো সুৰক্ষা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আছুৱে ভাৰত-ভূটান সীমান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷

অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পূব ডেফেলি আঞ্চলিক সমিতিয়ে নাওকাটা চ’ক বজাৰত দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ-ছাত্ৰ পৰিষদৰ নেতা-কৰ্মীয়ে বিজেপি চৰকাৰ নিপাত যাওক, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হুচীয়াৰ, সৰ্বানন্দ সোণোৱাল হায় হায়, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি শ্ল’গানেৰে নাওকাটাৰ ৰাজপথ উত্তাল কৰি তোলে আৰু শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷ 

ছাত্ৰ সংগঠনৰ পৰা জাতীয় নায়কৰ উপাধি লাভ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় খলনায়ক আখ্যা দিয়ে যুৱ-ছাত্ৰ পৰিষদৰ নেতা ৱাহেদুৰ ৰহমানে৷ আনহাতে মিত্ৰজোঁটৰ চৰকাৰত থকা সুবিধাবাদী নেতা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এবাৰো মাত নিদিয়াত সকীয়াই দিয়ে ৰঙিয়া জিলা যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৱাহেদুৰ ৰহমানে৷ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে সমগ্ৰ অসমত জংগী আন্দোলনৰ হুংকাৰ দিয়ে ৰঙিয়া জিলা যুৱ-ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক মদন কুমাৰে৷ নাগৰিকত্ব সংশোধনী আইন আনি অসমীয়াৰ অস্তিত্ব নাইকীয়া কৰিবলৈ বিজেপি চৰকাৰক কেতিয়াও দিয়া নহ'ব বুলি সকীয়াই দি এনে কৰিলে যুৱ-ছাত্ৰ পৰিষদে হাত সাৱটি বহি নাথাকি আন্দোলন গঢ়ি তুলিব বুলিও উল্লেখ কৰে। 

১৩ মে’ত ৰঙিয়া জিলা যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যনিৰ্বাহ নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হয়। সভাত নাগৰিকত্ব সংশেধনী আইন বাতিলৰ দাবীত চৰকাৰক হেঁচা দিয়াৰ লগতে জনমত গঢ়ি তেলাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আনহাতে বাক্সা-ওদালগুৰি সীমান্তৰ শুক্লাই নৈৰ বহু মথাউৰি আজিও উন্মুক্ত হৈ থকা বুলি কৈ হিন্দু বাংলাদেশীক অসমৰ অনাৰ পূৰ্বে উন্মুক্ত মথাউৰি সমূহ নিৰ্মাণ কৰিবলৈ দাবী জনায় সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ যুটীয়া সম্পাদক মদন কুমাৰে৷