
ৰঙিয়াঃ অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতায়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷
ৰাজ্যৰ শিক্ষা বিভাগৰ অচলাৱস্থাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰঙিয়া চহৰৰ মাজমাজিয়াৰ মহাত্মা গান্ধী মণ্ডপৰ সন্মুখত দিনৰ ১১বজাৰ পৰা এক বজালৈ ধৰ্মঘট কাৰ্যসূচী পালন কৰি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগটোৰ জ্বলন্ত সমস্যা সমূহ দুৰ কৰাৰ দাবী জনাই সংগঠনটোৱে৷
প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ ৰঙিয়া জিলা সমিতিৰ বিষয়-ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়-ববীয়াই উপস্থিত থাকি ৰাজ্যৰ শিক্ষা বিভাগৰ সমস্যা সমূহ সমাধান নকৰা পৰ্যন্ত অসম জাতিয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আন্দোলন কৰি যাব বুলি কয়৷
যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদৰ ৰহমান অৰু সাধাৰণ সম্পাদক ভৱেশ কুমাৰ ডেকাই স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ ৰঙিয়া হকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।
প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষালৈ সকলো শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি এক নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সাজু কৰা, সকলো শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তি নিশ্চিত কৰা, অসমত থকা সৰ্বভাৰতীয় কাৰীকৰি প্ৰতিষ্ঠানসমূহ বিশ্বমানৰ কাৰীকৰি প্ৰতিষ্ঠান হিচাপে ৰূপ দিয়া, শিক্ষকসকলৰ সমস্যা সমূহ সমাধান কৰা, যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত অসম চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়৷
গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ চিকিৎসা মহাবিদ্যাল বিশ্বমানৰ কৰি তোলা, ইতিমধ্যে মুকলি কৰা যোৰহাট-বৰপেটা তেজপুৰ চিকিৎসা মহাবিদ্যালয় পুৰ্ণাংগ কৰি ব্যৱস্থা সমূহ শ্বেতপত্ৰ ৰূপত প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা, অসমৰ মানৱ সম্পদ বহিঃগমন বন্ধ কৰাৰ স্বাৰ্থত শিক্ষাৰ্থীয়ে অসমতে উচ্চমানৰ শিক্ষা লাভ কৰিব পৰাকৈ সকলোধৰণৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ দাবী জনাই সংগঠনটোৱে৷
শিক্ষাৰ্থীসকলক কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা, অসমৰ মহাবিদ্যালয় সমূহত ঠিকাভিত্তিক শিক্ষকৰ পৰিৱৰ্তে স্থায়ী শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা আৰু অসমত অধিক বিশ্বমানৰ কাৰীকৰি শিক্ষানুষ্ঠান গঢ় দিয়াৰ দাবী জনাই ৰাজ্য চৰকাৰক৷
অৱস্থান কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা জ্যোতিৰ্ময় কলিতা, যুটীয় সম্পাদক বিদুৎ ডেকা, ক্ৰীড়া সম্পাদক তৰুণ দাস, ৰঙিয়া আঞ্চলিক সমিতিৰ সম্পাদক নৱজ্যোতি কলিতাৰ লগতে কেইবাটাও আঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত থাকে।