চৰাইদেউঃ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আগন্তুক চাৰি বছৰত প্ৰতিষ্ঠা হ’বলগীয়া সকলোবোৰ মহাবিদ্যালয় দীনদয়াল উপাধ্যায়ৰ নামত নামাকৰণ কৰিব বুলি ঘোষণা কৰা কাৰ্যক তীব্ৰ ধিক্কাৰ জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। 

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক হাজৰিকা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ RSS আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বক তৈলমৰ্দন আৰু তুষ্টিকৰণৰ জৰিয়তে ভৱিষ্যতে নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবেই এনে ঘোষণা কৰিছে।

কংগ্ৰেছৰ পথকে অনুসৰম কৰি নিজৰ স্বাৰ্থতে অসমৰ জাতীয় জীৱনত তিলমানো অৱদান নথকা আৰু অসমত সম্পূৰ্ণভাৱে অপৰিচিত আনকি আধুনিক ভাৰত নিৰ্মাণ বা ভাৰতীয় স্বাধীনতা আন্দোলনতো কোনো অৱদান নথকা দীনদয়াল উপাধ্যায়ৰ নামত অসমত মহাবিদ্যালয়সমূহৰ নামাকৰণ কৰিব বিচাৰিছে বুলিও অভিযোগ কৰে সংগঠনটোৱে। 

সংগঠনটোৱে অসমত বৃহৎ জাতি গঠনত আৰু আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ হৈ চৰম ত্যাগ কৰি প্ৰাণ বিসৰ্জন কৰা বীৰ-বীৰাংগনা আৰু অলেখ মহান মহীয়সী পুৰোধা ব্যক্তিক উপেক্ষা কৰি কালিলৈকে অসমৰ ৰাইজে নাম নুশুনা দীনদয়াল উপাধ্যায়ৰ নামত অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ নামাকৰণ কৰিবলৈ কোন এই দীনদয়াল উপাধ্যায় বুলি মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে।

অসমীয়া ৰাইজৰ আবেগ অনুভূতিক নাস্যাৎ কৰি এনে সিদ্ধান্ত গ্ৰহণ কৰা শিক্ষা মন্ত্ৰীগৰাকীক অসমবাসীক ৰাজহুৱা উত্তৰ দিবলৈ পৰিষদৰ নেতাদ্বয়ে আহ্বান জনায়। কেৱল RSS, জনসংঘ আৰু পিছত বিজেপি দলৰ আদৰ্শ পুৰুষ হোৱাৰ বাহিৰে দীনদয়াল উপাধ্যায়ৰ আন কি পৰিচয় আছে বুলিও পৰিষদে প্ৰশ্ন উত্থাপন কৰে। 

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কঠোৰ সমালোচনা কৰি নেতাদ্বয়ে কয় যে বিগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে নিৰ্বাচনী সভাসমূহত অসমৰ ৰাইজৰ আৱেগ-অনুভূতিক লৈ নীচ ৰাজনীতি কৰি সততে লাচিত, চিলাৰায় আদি বীৰ-বীৰাংগনাৰ নাম আওৰাই শাসনভাৰ হাতত লৈ দিল্লীৱালা বিজেপি আৰু বিজেপিৰ পিতৃ সংগঠন RS ৰ ওচৰত নিজৰ বিবেকক বিক্ৰী কৰিছে বুলি অভিযোগ কৰে যুৱ-ছাত্ৰ পৰিষদে।

অসমৰ সমাজজীৱন, অসমীয়া জাতীয় জীৱন, আনকি ভাৰতৰ ইতিহাসতো নামগোন্ধ নথকা RSS আৰু বিজেপিৰ একাংশ বহিৰাগত ৰাজনৈতিক নেতাক অসমীয়া জাতীয় জীৱনৰ সতে সংপৃক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও অভিযোগ কৰে সংগঠনটোৱে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসম চৰকাৰৰ এনে ষড়যন্ত্ৰৰ তীব্ৰ গৰিহণা জনোৱাৰ লগতে কোনো কাৰণতে অসমৰ মহাবিদ্যালয়সমূহ দীনদয়াল উপাধ্যায়ৰ নামত নামাকৰণ কৰা কাৰ্য্যক মানি নলয় বুলি স্পষ্ট কৰি দিয়ে। পৰিষদৰ নেতাদ্বয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াও যদি অন্তৰত তিলমানো অসমীয়া সত্বা জীয়াই আছে তেন্তে অনতপলমে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। 

একেটা বিবৃতিত শিক্ষকৰ অৰাজকতা ৰুধিবলৈ শৈক্ষিক ন্যায়াধিকৰণ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে পৰিষদৰ নেতাদ্বয়ে। হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ফলাফল ভাল হ’লে নিজে কৃতিত্ব লোৱা আৰু ফলাফল বেয়া হ’লে শিক্ষকসকলক দোষ জাপি দিয়া মন্ত্ৰীগৰাকীয়ে এনে লম্ফ-জম্ফ কৰাতকৈ অসমৰ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক দিশটো সংস্কাৰৰ জৰিয়তে উন্নয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় সংগঠনটোৱে। 

ন্যায় ব্যৱস্থাটো সকলোৰে বাবে সমান আৰু সেয়েহে আইনখনো সকলোৰে বাবে সমান হোৱা উচিত বুলি উল্লেখ কৰি যদিহে হিমন্ত বিশ্বৰ সৎ সাহস আছে শিক্ষকসকলৰ বাবে ন্যায়াধিকৰণ গঠন কৰাৰ সামন্তৰালকৈ দুই চাৰি বছৰতে নিজ সম্পত্তি ২০০-৩০০ গুণ বৃদ্ধি কৰা, দুৰ্নীতি কেলেংকাৰীত নিমজ্জিত মন্ত্ৰী বিধায়কসকলৰ বাবেও পৃথক ন্যায়াধিকৰণ গঠনৰ ব্যৱস্থা কৰাৰ আহ্বান জনায় পৰিষদে।