জোনাইঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিয়ে সংগঠনটোৰ পৰা এগৰাকী নেতাক অব্যাহতি দিয়ে৷ আজি সংগঠনটোৱে অনুষ্ঠিত কৰা এখন জৰুৰী কাৰ্যনিবাহক সভা অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

বিশেষকৈ জিলাখনৰ একমাত্ৰ বৰ্ষাৰণ্য পবা বনাঞ্চলক ৰক্ষা কৰাৰ লগতে ৰাষ্ট্ৰীয় অভয়াৰণ্য ঘোষণা কৰাৰ দাবীত এলানি আন্দোলনৰ কাৰ্য্যসুচী লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাৰ সিদ্ধান্ত মৰ্মে জোনাই আঞ্চলিক সমিতিৰ উপ-সভাপতি ৰাজীৱ কুলিক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ আঞ্চলিকৰ সকলো বিষয়বাবৰ পৰা অব্যাহতি দিয়ে বুলি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মাৰ্ধুয্য প্ৰতীম গগৈয়ে জানিবলৈ দিয়ে।