
কাৰ্বি আংলংঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে সমগ্ৰ অসমত বৃক্ষৰোপণ কৰিব ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক বিবৃতি যোগে এই কথা ঘোষণা কৰে৷ অহা ৫ জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পৰিষদে সমগ্ৰ অসমত বৃক্ষৰোপণ কৰিব।
পৰিষদৰ সকলো পৰ্যায়ৰ সমিতি সমূহে নিজ নিজ অঞ্চলৰ ৰাজহুৱা স্থানত ১০০ জোপাকৈ বৃক্ষ ৰোপণ কৰিব বুলি সংগঠনটোৱে বিবৃতি যোগে জনায়। আনহাতে অহা ৬ জুনত পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম খৰতকীয়া কৰা আৰু অসমত অতি শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ পত্ৰৰ ব্যৱস্থা কৰা, দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰিব।
একে দাবীত অহা ১৩ জুনত অসমৰ প্ৰতিখন জিলা আৰু মহকুমা সদৰত জিলাৰ উপায়ুক্ত-মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি বিবৃতি যোগে ঘোষণা কৰে সংগঠনটোৱে।