কাজলগাওঁঃ ৰাজ্য চৰকাৰৰপৰা সঁহাৰি পাই কমতাপুৰ বন্ধ সাময়িক ভাৱে প্ৰত্যাহাৰ কৰিছে সদৌ অসম কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰদীপ ৰায়ৰ গোটে।

জুন মাহত অাক্ৰাছুৰ প্ৰদীপ ৰায় গোটৰ সৈতে এক বৈঠকত মিলিত হৈ ৰাজ্য চৰকাৰে সংগঠনটোৰ দাবী সন্দৰ্ভত আলোচনা কৰিব বুলি জানিবলৈ পোৱাৰ পিছতেই এই সিদ্ধান্ত সদৰী কৰিছে আক্ৰাছুৱে৷

চৰকাৰে প্ৰেৰণ কৰা পত্ৰ লাভ কৰাৰ পিছতে আজি অাক্ৰাছুৰ প্ৰদীপ ৰায় গোটে ২৫ মে'ৰ পুৱা পাঁচ বজাৰ পৰা অাহ্বান দিয়া ৩৬ ঘন্টীয়া কমতাপুৰ বন্ধ সাময়িক ভাৱে প্ৰত্যাহাৰ কৰা বুলি এক সংবাদ মেল যোগে সংগঠনটোৰ সভাপতি প্ৰদীপ ৰায়ে ঘোষণা কৰিছে৷