
মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ দেৱস্থান বজাৰত বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এখন সভাত অনুষ্ঠিত হয়৷ বুধবাৰে পুৱাৰে পৰা হোজাই জিলাৰ বিভিন্ন স্থানৰ আহি মোৰাঝাৰৰ দেৱস্থান বজাৰত কেইবা সহস্ৰাধিক লোক উপস্থিত হয়৷ দিনৰ প্ৰায় ১২ বজাত সভাত উপস্থিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা কৃষক নেতা অখিল গগৈয়ে৷
অখিল গগৈয়ে সভা খনত প্ৰায় দুই ঘন্টা সময় ভাষণ প্ৰদান কৰে৷ ভাষণত অখিল গগৈয়ে হোজাই বিধান সভা সমষ্টিৰ বিতৰ্কিত বিজেপিৰ বিধায়ক শিলাদিত্য দেৱক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ অখিল গগৈয়ে কয় ‘‘শিলাদিত্যৰ হিন্দু বাংলাদেশী অসমৰ পৰা যাব লাগিব। কৃষক মুক্তিৰ এজন সদস্য জীয়াই থকালৈকে এজনো বিদেশী হিন্দুক অসমত নাগৰিগত্ব বিজেপিয়ে দিব নোৱাৰে৷ বিজেপি আৰএছএছক নেখেদালৈকে দেশ তথা ৰাজ্য শান্ত নহয়৷’’
ইমানে নহয় শিলাদিত্যক তৰল মানসিক আৰু অসুস্থ লোক বুলি মন্তব্য কৰি কৃষক নেতা জনে কয় ‘‘ডবকা, মোৰাঝাৰ আৰু হোজাইত যিমান অপৰাধী আছে তাতোকৈ বেছি শিলাদিত্যৰ মুৰত অপৰাধী সোমাই আছে।’’
গো হত্যা ৰোধ কৰাৰ নামত দেশত সংঘটিত হিংসাৰ সন্দৰ্ভত অখিলে কয় যে মই গৰু মাংস খাম নে গাহৰি খাম সেইটো মোৰ পাকঘৰত থিক কৰিম বিজেপিয়ে দিল্লীৰ পৰা থিক কৰিব নোৱাৰে। অখিলে ভাষণত আৰু কয়, আহোম সকল হিন্দু নাছিল৷ লাচিত বৰফুকনক হিন্দুবীৰ সজাব বিচৰা হৈছে৷ কিন্তু লাচিত বৰফুকনো হিন্দু নাছিল। নাগপুৰৰ পৰা হিন্দু সজালে নহ'ব।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আছু কৰিলে, অগপ কৰিলে তাতো একঠা খালে আৰু এতিয়া বিজেপিতো একঠা খাইছে। বিজেপিলৈ অহাৰ পিচত সৰ্বানন্দৰ বাংলাদেশীৰ সংজ্ঞা সলনি হ'ল। তেওঁলোকৰ মতে এতিয়া অকল মুছলমান বোৰহে বাংলাদেশী।
বিজেপি আৰু আৰএছএছে মানুহৰ মাজত কাজিয়া লগাইছে। ধৰ্মীয় বিভাজন আনি সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছে। বিজেপিৰ আমোলত স্তব্ধ হৈছে উন্নয়ন। বন্ধ হৈছে এমজিএনৰেগা আৰু আইএৱাইৰ আঁঁচনি। বদৰুদ্দিন আজমলে সহায় নকৰা হ'লে বিজেপিৰ চৰকাৰ নাহিলহেতেন।
কংগ্ৰেছ দলকো সমালোচনা কৰি কৃষক নেতা জনে কয় যে কংগ্ৰেছেও ৭০বছৰ লুণ্ঠন কৰিলে। কংগ্ৰেছৰ ৭০ বছৰে কেৱল দালালী কৰিলে। তৰুণ গগৈয়ে আঠুৱা-কম্বল-টকা বিলাই জিকিছিল। আমাৰ টকাৰে আঠুৱা কম্বল কিনিছিল। আমাক বিজেপি-কংগ্ৰেছ-এজিপি-চিপিএম একো নালাগে বুলি মন্তব্য কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে আমাক লাগে পথাৰত কৃষকক পানী যোগান দিয়া চৰকাৰ। প্ৰতিজন খেতিয়কে ১২ বিঘাকৈ মাটি দিয়া চৰকাৰ৷
যেতিয়ালৈকে প্ৰত্যেকখন পথাৰত পানীযোগানৰ সপোন পূৰ নহ'ব তেতিয়ালৈকে অখিল গগৈ জীয়াই থাকিব, কৃষক মুক্তি জীয়াই থাকিব। আমি ধৰ্মৰ ৰাজনীতি নকৰো। আমি পথাৰত পানী দিয়াৰ ৰাজনীতি কৰো। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি মোডীয়ে অসমক একো নাই দিয়া নাই বুলি কৈ অকল লেট্ৰিন দিছে বুলি কটাক্ষ কৰে।
মোডীয়ে দিয়া লেট্ৰিন বতাহ দিলে ভাঙি যায়। লোকে বনোৱা দলংখন উদ্বোধন কৰি চেল্ফি মোডীয়ে কেৱল চেল্ফি উঠিব পাৰে। কৃষক নেতা জনে ১৯৭১চনৰ পিছত অহা মুছলমান বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচৰা মুছলমান সকলৰ লগত মই নাই বুলি কৈ ১৯৭১ চনৰ পিছত অহা বিদেশী যাবই লাগিব। তেওঁলোক হিন্দুৱেই হওক, অথবা মুছলমানেই হওক। মই কোনো হিন্দু-মুছলমানৰ লগত নাই। মই কেৱল কৃষকৰ সৈতে আছো বুলি কয়।