
চাবুৱাঃ মেধা পাটেকাৰৰ নৰ্মদা বচাও আন্দোলন, তামিলনাডুৰ কৃষকসকলৰ আন্দোলন আৰু ভাৰতৰ ১৬৪টাকৈ কৃষক সংগঠনৰ ঐক্যবদ্ধ কৃষক আন্দোলনত অংশগ্ৰহণৰ বাবে কেইবাদিনৰ কাৰ্যসূচী লৈ দিল্লীলৈ গৈছিল কৃষক নেতা অখিল গগৈ।
তেওঁ দিল্লী গমনৰ পিছতেই ক্ৰমে মহাবাহু ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীৰ লগতে ৰঙানদী প্ৰকল্প আৰু ভূটানৰ কুৰিশ্বু নদীবান্ধৰ পানী এৰি দিয়াৰ ফলত উজনি-নামনিৰ সৰ্বত্ৰতে বানে সংহাৰী ৰূপ ধাৰণ কৰে। ফলত অসমৰ সহস্ৰাধিক গাঁৱৰ লাখ লাখ বানপীড়িত গঞা জনতাৰ মাজত হাহাকাৰ সৃষ্টি হয়।
অসমৰ লাখ লাখ গঞা ৰাইজৰ এই দুৰ্যোগৰ সময়ত আঁতৰত থাকিব নোৱাৰে বাবেই কৃষক নেতা অখিল গগৈয়ে দিল্লীৰ সকলো কাৰ্যসূচী বাতিল কৰি দিল্লীৰ পৰা পোনে পোনে আজি নগাওঁ জিলাৰ কলিয়াবৰ আৰু জখলাবন্ধা অঞ্চলৰ বানপীড়িত লোকসকলৰ কাষত গৈ থিয় দিয়ে।
কৃষক নেতা অখিল গগৈয়ে বানবিধস্ত কলিয়াবৰ কুঁৱৰীতল অঞ্চলৰ মূৰাৰী সত্ৰ, শৱনী সত্ৰ, বৰভকতি, পূব থাৰিয়া, দুলনি মাধৱ আৰু পুৰাভেটিৰ লগতে জখলাবন্ধাৰ ৬ নং ৱার্ডকে ধৰি তিনিটা ৱার্ডৰ বানপীড়িত লোকসকলৰ পৰিস্থিতিৰ বুজ লয়।
বানবিধস্ত অঞ্চল আৰু বানপীড়িত লোকৰ পৰিস্থিতিৰ বুজ লৈ অসমৰ বানপানী সমস্যা সমাধান আৰু বানপানীৰ সময়ত বানপীড়িত লোকক উপযুক্ত সাহায্য প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰৰ মোদী চৰকাৰ আৰু অসমৰ সোণোৱাল চৰকাৰ চূড়ান্ত ব্যৰ্থ হৈছে বুলি কৃষক নেতা অখিল গগৈয়ে অভিযোগ উত্থাপন কৰে।
কলিয়াবৰৰ কুঁৱৰীতল আৰু জখলাবন্ধাৰ বানপীড়িত লোকসকলৰ মাজত পৰ্যাপ্ত সাহায্য প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে বানপীড়িত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ দাবী জনায়। নিজৰ সমষ্টিৰ মানুহকে সুৰক্ষা আৰু পৰ্যাপ্ত সাহায্য দিব নোৱাৰা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অসমৰ ৰাইজক কি সুৰক্ষা দিব বুলিও কটাক্ষ কৰে কৃষক নেতা অখিল গগৈয়ে।