‘মোৰ নেতা হোৱাৰ ইচ্ছা নাই৷ জাতিৰ স্বাৰ্থত ওলাই আহিছো৷ সুবিধা লোৱা বুলি নাভাবিব ৷’- অখিল গগৈ

গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত হিন্দু বাংলাদেশীৰ সংস্থাপনৰ বিৰোধিতা কৰিছে কৃষক নেতা অখিল গগৈয়ে৷ বুধবাৰে অখিল গগৈয়ে হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি সাংবাদিকৰ আগত কয় যে অসমৰ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত কোনো বহিৰাগতকে অসমৰ মাটিত ঠাই দিয়া নহ’ব৷
অসম কেৱল অসমীয়াৰ বাবে বুলি মন্তব্য কৰি চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনায় কৃষক নেতাগৰাকীয়ে৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপিৰ এনে ষড়যন্ত্ৰমূলক কাণ্ডই অসমত অসমীয়াৰ স্বাধীনতা খৰ্ব কৰিব বুলি দাবী কৰে অখিল গগৈয়ে৷
কৃষক নেতাগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে অসমতে অসমীয়া বিদেশী হৈ পৰিব৷ আনহাতে অসমৰ থলুৱা বঙালী সম্প্ৰদায়ক উদ্দেশ্যিও মন্তব্য কৰে অখিল গগৈয়ে৷ তেওঁ কয় যে অসমৰ বঙালীসকলে অসমীয়াৰ সতে এক হৈ নাগৰিত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক৷ থলুৱা বঙালীসকলক অসমক সুৰক্ষিত কৰিবৰ বাবে ভূমি অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ প্ৰদানৰো দাবী জনায় অখিল গগৈয়ে৷
আনহাতে সাংবাদিকৰ আগত ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নকৰিবলৈ আৰএছএছ আৰু বিজেপিক সকীয়নি প্ৰদান কৰে অখিল গগৈয়ে৷ সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰে চৰকাৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ চেষ্টা চলাই অহা বুলিও কৃষক নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে৷
ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ অগপ-বিপিএফ মন্ত্ৰীসকলক আহ্বান জনাইছে কৃষক নেতা অখিল গগৈয়ে৷ তদুপৰি বিজেপিৰ এজেন্টগিৰি কৰি অসমলৈ সংকট কঢ়িয়াই নানিবলৈ এআইডিএফক সকীয়াই দিয়ে অখিলে৷
তেওঁ কয় যে বিজেপি চৰকাৰে অসম বিৰোধী সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ প্ৰতিজন অসমীয়াই প্ৰতিবাদ কৰা উচিত৷ আনহাতে কৃষক নেতা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ কৰি কয়, ‘মোৰ নেতা হোৱাৰ ইচ্ছা নাই৷ জাতিৰ স্বাৰ্থত ওলাই আহিছো৷ সুবিধা লোৱা বুলি নাভাৱিব৷’
আনফালে মেঘালয় কেবিনেটে যদি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব পাৰে, তেন্তে অসম চৰকাৰে কিয় নোৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে৷ তেওঁ অসম চৰকাৰৰ অসম বিৰোধী কোনো সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ আহ্বান জনায়৷