
newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে প্ৰবল জনমত গঢ়াৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰ ৰাজ্য চৰকাৰে ৰাইজক জমনতক সন্মান দিব বিচৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ অসমীয়াৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপি নেতা-কৰ্মীয়ে অসমৰ ৰাইজে নিবিচাৰা আইন গৃহিত কৰি অসমৰ জনগাঁথনিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনিব বিচাৰে৷
অসমৰ মানুহে অসমৰ বাবে এই আইন ভয়াবহ আৰু জাতিৰ বাবে অস্তিত্ব স্বৰূপ হৈ পৰিব বুলি কৈ প্ৰতিবাদ কৰি আহিছে৷ গণস্বাক্ষৰ, ধৰ্ণা, অৱস্থান, ৰাজহুৱা সভা, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰবল জনমত গঠন কৰিছে৷ তাৰ পিছতো বিজেপি চৰকাৰে আকোৰগোজ হৈ আইন খনক বৈধতা প্ৰদান কৰিব খোজে৷ এই আইনক খন বাতিলৰ দাবীত প্ৰবল জনমত গঢ়ি তোলা কৃষক নেতা অখিল গগৈয়ে যোৱা সময়চোৱাত তীব্ৰ আন্দোলন গঢ়ি তুলিছে৷
শেহতীয়াকৈ ৰাজ পথত গনসচেতনতা যাত্ৰা কাৰ্যসূচী চলাই হৈছে৷ তাৰ মাজতে অখিলে গগৈয়ে চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰা দেখা গৈছে৷ বিধেয়কখন বাতিল কৰাৰ সপক্ষে প্ৰতিবাদ জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গণ সচেতনতা অভিযান চলাই থকাৰ মাজতে বুধবাৰে সংবাদমেল অনুষ্ঠিত কৰি কৃষক নেতাগৰাকীয়ে অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ সিদ্ধান্তৰ তীব্ৰ প্ৰত্যাহ্বান জনাই চৰকাৰক৷ বঙালী-অসমীয়াৰ মাজত সংঘাত সৃষ্টি কৰি বিজেপিয়ে নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে বুলি অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বিজেপিয়ে জাতি-ধৰ্ম-বৰ্ণক লৈ ৰাজনীতি কৰাৰ অভিযোগো উত্থাপন কৰে৷
সংবাদমেলত বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমত এজনো বাংলাদেশী থাকিব নোৱাৰিব বুলি কৈছিল বুলি বিজেপিক উভতি ধৰি অখিল গগৈয়ে নৰেন্দ্ৰ মোডীক অসমবাসীক ঠগিছে বুলি মোডীৰ বিৰুদ্ধে মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰে৷ মোডীয়ে এতিয়া বাংলাদেশী বহিস্কাৰ কৰাৰ পৰিৱৰ্তে অসমলৈ আনি বৈধহে কৰিব খোজে বুলি কয় গগৈয়ে৷
অসমৰ ভৱিষ্যত সংকটাপন্ন বুলি কৈ ২০ লাখ বাংলাদেশী অসমত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ আছে বুলি দাবী কৰি অখিল গগৈয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ’লেও এইসকল বাংলাদেশীক বহিস্কাৰ কৰিব নোৱাৰে চৰকাৰে৷ যাৰ ফলত অসম আৰু অসমীয়া দিনে দিনে ভয়ংকৰ সংকটৰ সন্মুখীন হ’বলৈ গৈ আছে৷ অসমৰ ইতিহাসৰ বাবে ভয়ংকৰ সিদ্ধান্ত এটা ল’বলৈ কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে ইয়াক কেতিয়াও মানি লোৱা ন’হব৷ নেতাসকলে ভোটৰ স্বাৰ্থত লোৱা সিদ্ধান্তক অসমৰ ৰাইজে মানি নলয় আৰু নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি কয়৷
১৮৫৩ চনত ব্ৰিটিছে আদিবাসী মানুহ খিনিক অসমলৈ আনিছিল৷ তাৰ পিছত পূৰ্ব বংগীয় মুছলমান সম্প্ৰদায়ৰ লোককো ব্ৰিটিছে অসমলৈ আনিছিল৷ এতিয়া অসমত হিন্দু বাংলাদেশীক আদৰিব বিচাৰি বিজেপিয়ে তৃতীয়টো অসম বিৰোধী সিদ্ধান্ত ল’ব বিচাৰিছে৷
সংবাদমেলত অখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক তীব্ৰ সমালোচনা কৰি অসম বিৰোধী আখ্যা দিয়ে৷ অহা ২০ মে’ত অসমলৈ আহিবলগীয়া শ্বাহক অসমীয়া জাতি ধ্বংসী আখ্যা দিয়ে৷