তেজপুৰঃ অকণিৰ সাহিত্য সভাৰ উদ্যোগত দেওবাৰে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অসমীয়া শিশু সাহিত্য বঁটা ২০১৮ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় বিশিষ্ট শিশু সাহিত্যিক নুপুৰ মোমাইদেউক৷ 

তেজপুৰ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ বৰুৱাৰ পৌৰহিতত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শোণিতপুৰ জিলাৰ নৱনিয়ুক্ত উপায়ুক্ত নৰসিঙ পাৱৰ, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি স্বাধীনতা মহন্ত, অকণিৰ সাহিত্য সভাৰ পৰিচালনা সম্পাদক দুলাল বৰা উপস্থিত থকা অনুষ্ঠানত বিশিষ্ঠ শিশু সাহিত্যিক তথা নুপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যৰ আনুষ্ঠানিকভাৱে অসমীয়া শিশু সাহিত্য বঁটা ২০১৮ প্ৰদান কৰা হয়। 

উক্ত অনুষ্ঠানত কেইবাগৰাকী শিশুৱে গীত, কবিতা পৰিবেশন কৰি অনুষ্ঠানটি সুন্দৰ কৰি তোলে৷