ওৰাংঃ পৃথক কমতাপুৰ গঠন আৰু কোঁচসকলক জনজাতিৰ মৰ্য্যদা প্ৰদানৰ দাবীৰে আন্দোলন অব্যাহত ৰাখা আক্ৰাছুৰ আজি ঘোষিত ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ বিটিএডিৰ পূব সীমান্ত তথা ওদালগুৰি জিলাৰ ওৰাঙত সৰ্বাত্মক ৰূপে পৰা পৰিলক্ষিত হৈছে৷

ওৰাঙৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বেংক, বিদ্যালয় মহাবিদ্যালয় সমূহ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। হিংসাত্মক ঘটনা ৰোধ কৰাত মোতায়েন আৰক্ষী। ওৰাঙৰ পৰা ৰৌতালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তহলদাৰী অব্যাহত ৰাখিছে।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ সমৰ্থকে পুৱাৰ ভাগত গাড়ীলৈ শিলগুটি নিক্ষেপ কৰি কেইখনমান বাহনৰ ক্ষতি সাধন কৰিছিল যদিও পৰৱৰ্তী সময়ত ওৰাং আৰক্ষীয়ে নিৰাপত্তা বেষ্টনীৰে দূৰণীবটীয়া যানবাহন সমূহ পাৰ কৰি দিয়ে।