
newsnextone৷ তেজপুৰঃ তেজপুৰ মিলনপুৰৰ উদীয়মান যুৱ সমাজ কৰ্মী অলক কটকীৰ ২০১৩ চনৰ ১২ চেপ্তেম্বৰত এক শোকাবহ পথদুঘটনা পতিত হৈ মৃত্যু হৈছিল। যুৱক অলক কটকী শ্ৰদ্ধঞ্জলি অনুষ্ঠান উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই মিলনপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা আৰু ভূপেন হাজৰিকা ৰংগ মঞ্চত অনুষ্ঠিত হয়। শোণিতপুৰ জিলা সাহিত্য সভা সহ সম্পাদক অপুৰ্ব বৰা আৰু কটকীৰ ভাতৃ ৰূপম কটকীয়ে মুকলি কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী কুশল হাজৰিকা, প্ৰণৱ শইকীয়া আদিয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তদুপৰি অপুৰ্ব বৰা, ৰাজু বৰা, ৰূপম কটকীয়ে অলক কটকীৰ ওপৰত নিজৰ বক্তব্য প্ৰকাশ কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনায়৷