25
Sep
2017

গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে অনুষ্ঠিত এক অন্তৰংগ অনুষ্ঠানত অনুপমা শৰ্মাৰ প্ৰথম প্ৰচেষ্টা 'আস্থা' নামৰ অডিঅ’ কেছেট খন উন্মোচন কৰা হয়৷
মুঠ সাতটা গীত সন্নিবিষ্ট এই কেছেট খনৰ এটি গীতত কণ্ঠদান কৰিছে বিশিষ্ট সংগীত শিল্পী জে পি দাসে৷ আস্থাৰ উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল জে পি দাসৰ সৈতে পুলক বৰুৱা, সুজয় গোস্বামী আৰু চিন্ময় চৌধুৰী।
এ কে প্ৰডাকচনৰ প্ৰথম নিবেদন আধুনিক গীতৰ এই কেছেট খনত সুৰ কৰিছে জে পি দাস আৰু জগদীশ শৰ্মাই।