
লখিমপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ বৈৰীমুৰীত ৪৬ তম আলি-আয়ে-লৃগাং কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে৷
আলি-আয়ে-লৃগাঙৰ বিষয়ে চমুকৈঃ
আলি-আয়ে-লৃগাং মিচিং সকলৰ এক জাতীয় উৎসৱ। কৃষিজীৱী মিচিং সকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰাৰ পাছতেই সৃষ্টি হ’ল কৃষি ভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’।
ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ। ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনটোতে আলি-আয়ে-লৃগাং পতা হয়। সেই সিদ্ধান্ত মৰ্মে ১৯৫৬ চনৰপৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদ্যাপন কৰি আহিছে মিচিংসকলে।
আলি-আয়ে-লৃগাঙৰ অৰ্থ হ’ল শস্য ৰোপণৰ আৰম্ভণি। ‘আলি’ মানে মূল বা কাণ্ড, ‘আ:য়ে’ৰ অৰ্থ হ’ল ফল বা গুটি আৰু ‘লৃগাং’ৰ অৰ্থ হ’ল সিঁচিবলৈ আৰম্ভ কৰা বা সিঁচাৰ প্ৰথম দিন। মিচিং সকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সৰিয়হ, আলু, কচু ইত্যাদি। ফল-মূল বা কঠীয়া প্ৰজনন শক্তিৰ মাটিত ৰুই বা সিঁচি উৎপাদন বৃদ্ধিৰ কামনা কৰা হয় এই দিনটোত৷
কিঃৰুগ অৰ্থাৎ চিকাৰ কৰি অনা যিকোনো বস্তু সেইদিনা সকলোৱে মিলি খাব লাগে যদিও বৰ্তমানে এই পৰম্পৰা দেখিবলৈ পোৱা নাযায়৷ আনহাতে লৃগাঙৰ দিনা তেওঁলোকে শুকান মাছ ঙচান খোৱাটো পৰম্পৰাগত নিয়ম৷
বৰ্তমানে সকলো তিৰোতা-গাভৰুৰ চাদৰ-মেখেলা পিন্ধা চখটো যেন দেখিবলৈ পোৱা গৈছে৷ কিন্তু বেছিভাগে বয়ন অৰ্থাৎ তাত-শালৰ লগত জড়িত নহয়৷ কিন্তু বয়ন শিল্পত মিচিং তিৰোতা অতি পাকৈত। এক কথাত ক’বলৈ গ’লে মিচিং ছোৱালীয়ে খোজ কাঢ়িবলৈ শিকাৰ আগতে নাচিব জানে আৰু কাপোৰ পিন্ধিব জনাৰ আগতে বব জানে।
উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সকলৰ ভিতৰত মিচিং সকলৰ কাপোৰৰ আটাইতকৈ বেছি বিভিন্নতা থকাটো পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত তিৰোতাই ব্যৱহাৰ কৰা কাপোৰেই বেছি। মিচিং তিৰোতাই ব্যৱহাৰ কৰা পোছাকবোৰ ভিতৰত এগে, ৰিঃবি, গাচেং, ছমীৰ, পতালি বা চেগ্ৰেগ, চেগবুং, পঃতুব, কেবুং, পেঃৰে, পুচুংগাচৰ, নিচেগ, কেগৰেগ, মচাঃনাম এগে ইত্যাদি।
আনহাতে, পুৰুষে ব্যৱহাৰ কৰা কাপোৰবোৰ হৈছে : মিবু গালুগ, লুকৰ গালুগ, গনৰ উগৰ, দুমৌৰ আদি৷
লৃগাং প্ৰস্তুতিৰ অন্য এটি বিষয় হৈছে ‘আপ্ং’ তৈয়াৰ কৰা। লৃগাঙৰ প্ৰায় ১০-১৫ দিনৰ আগতে মিচিং তিৰোতাই আপং প্ৰস্তুত কৰে। কিন্তু লৃগাঙত সাধাৰণতে পঃৰ আপং (এবিধ ছাই মদ) ব্যৱহাৰ হয়। মাংলিক পৰ্বত ব্যৱহাৰ কৰাৰ উপৰি লৃগাঙৰ ভোজত এইবিধ আপং ব্যৱহাৰ হয়।
আনহাতে লৃগাঙৰ প্ৰতম দিনাই পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিচিঁ তেওঁলোকে কাম আৰম্ভ কৰে৷ লগতে
ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৰে ঘৰে ঘৰে পুৰাং, আপং, আলু, কচু আদি খাই ফুৰে আৰু লগে লগে বিহু মাৰি ৰং-আনন্দ কৰে। (পুৰাং হৈছে তৰাপাতেৰে টোপোলা কৰা বৰা চাউলৰ এবিধ ভাত)। দিনৰ ভাগত ঘৰে ঘৰে বিহু মাঁৰোতে ঢোল-তাল আদি ব্যৱহাৰ নকৰে। মুখেৰে ঢোলৰ চেওবোৰ দি ঐনিতম, কাবান আদি গাই ঘৰৰ চাঙৰ ওপৰত বিহু মাৰে।
নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গুমৰাগ হৈছে আলি-আয়ে-লৃগাংৰ বিশেষ নৃত্য। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বিশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃনং মাৰবাং আদি বজোৱা হয়।
ঐনিতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত ঐনিতমৰ বিশেষ প্ৰাধান্য আছে। ইয়াত আছে পোৱাৰ উল্লাস আৰু নোপোৱাৰ বেদনা। এক কথাত ক’ব পাৰি মিচিং সমাজত যি আছে ঐনিতমত আছে আৰু ঐনিতমত যি নাই, মিচিং সমাজতো নাই।
আলি-আয়ে-লৃগাঙৰ প্ৰত্যেকটো দিশতে তাৎপৰ্যপূৰ্ণ আৰু সৃষ্টিমূলক তথ্য লুকাই আছে। এই উৎসৱৰ লগত মিচিং তথা সমগ্ৰ মানৱ সমাজৰ সাংস্কৃতিক চৰিত্ৰ বিহিত হৈ আছে। এই খিনিতে উল্লেখ কৰিব পাৰি যে লৃগাং উৎসৱৰ মাংগলিক শ্লোক বোৰত সূৰ্য্য, চন্দ্ৰ আৰু পৃথিৱীক উদ্দেশ্য কৰি সমগ্ৰ মানৱ জাতিৰ মংগল কামনা কৰা হয়।
আলি-আয়ে-লৃগাং বছৰি আহে আৰু যায়, দি যায় শুকান পৃথিৱীলৈ বৰষাৰ নৱ সম্ভাৰ। সেয়েহে মিচিং ডেকা-গাভৰু, বুঢ়া-বুঢ়ী আটায়ে মিলি দঃঞি-পঃলক স্মৰণ কৰি পৃথিৱীক শস্য-শ্যামলা, সুজলা-সুফলা কৰিবলৈ আকুল আহ্বান জনায়। আনহাতে লৃগাং পাঁচ বা সাঁচদিনলৈকে উদযাপন কৰি বিশেষ নীতি-নিয়মেৰে এই উৎসৱৰ সামৰণি পৰে৷