
গহপুৰঃ আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী জ্ঞানী মানুহ। তেও কথা কলে মানুহে শুনে। আজিকালি শুক্ষামন্ত্ৰীয়ে শিক্ষা, স্বাস্থ্যৰ পাঠ পঢ়োৱাৰ সমানে সমানে ধৰ্মৰো জ্ঞান দিয়া আৰম্ভ কৰিছে।
যেতিয়াৰ পৰা ধৰ্মৰ জ্ঞান দিয়া আৰম্ভ কৰিলে তেতিয়াৰ পৰাই যেন বিতৰ্কই পিছ নেৰা হ'ল তেওৰ। কেন্সাৰ জ্ঞান দি বেয়াকৈ মুখ ধেকেচা খাই একেবাৰে লটি-ঘটি তেও। তাৰ পিছত আকৌ বুৰঞ্জী জ্ঞান দিয়া আৰম্ভ কৰি ধিক্কাৰ, ভৰ্ৎসনা সহিব লগা হৈছে। সকলোৱে জানে অবাস্তৱ কথা কলে লাগে লেঠা৷
কিছু অৱাস্তৱ কথাই মানুহক ভৰ্ৎসনাৰ সন্মুখীন হ’ব লগা কৰে৷ বিপদত পৰাৰ আশংকা থাকে৷ আপুনি মুখত যি আহে তাকে কৈ দিলে সমাজত ইয়াৰ প্ৰভাৱ পৰিব এয়া নিশ্চিত৷ আপোনাৰ কথাই কাৰোবাৰ মনত আঘাত দিব পাৰে৷ তেনে কথা কোৱাৰ পৰা প্ৰকৃততে আতৰি থকা দৰকাৰ বুলি কব খোজে কব খোজে জ্ঞানী সকলে৷ কিন্তু অবাস্তৱ কথা কোনো যদু-মধুৱে কোৱাতো মানি লব পাৰি নতুবা সহ্য কৰিব পাৰি।
যেতিয়ামন্ত্ৰীয়ে কয় তেতিয়া লেঠা লাগে। চতিয়াত ১৯৪২ চনত পতাকা উৰুৱাবলৈ গৈ শ্বহীদ হৈছিল কনকলতা বৰুৱা আৰু কনকলতা বৰুৱাৰ হাতৰ পৰা পতাকা খন পৰিবলৈ নিদি মুকুন্দ বৰ্মণে পতাকা খন ধৰিছিল, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যক গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা প্ৰদান কৰিছে।
শিক্ষামন্ত্ৰীৰ অসমৰ বুৰঞ্জী বিষয়ত থকা এনে অজ্ঞানতাৰ বাবে গহপুৰ আঞ্চলিক ছাত্র সন্থাই শনিবাৰে শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে। গহপুৰ আঞ্চলিক ছাত্র সন্থাই হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰে ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ দাবী জনায়। অন্যথা গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।
এই প্ৰতিবাদী অনুষ্ঠানত উপস্থিত থাকে গহপুৰ মহকুমা ছাত্র সন্থাৰ ভূৱনেশ্বৰ তাঁতী, গহপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিৱ্যজ্যোতি ভূঞা, সহকাৰী সাধাৰণ সম্পাদক ঋতুপৰ্ণ ৰাজখোৱা, বিত্ত সম্পাদক উৎপল বৰুৱা, গহপুৰ ছাত্র সন্থাৰ তথ্য সম্পাদক খগেন শইকিয়া আৰু গহপুৰ ছাত্র সন্থাৰ সদস্য সুশান্ত বৰুৱা, ভৃগু কুমাৰ বৰা, অমৰজ্যোতি ভৰালী, পংকজ শইকিয়া, ৰূপম চাহুৱে।