newsnextone.com। তেজপুৰঃ ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত নামৰূপত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে ইতিমধ্যে ৩১টা বৰ্ষ অতিক্ৰম কৰিছে। আজি তেজপুৰৰ ঐতিহাসিক জ্যোতি-ভাৰতীত সদৌ অসম কবি সন্মিলনৰ দ্বাত্ৰিংশতিতম্ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু শাখাসমূহৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হৈছে। 

সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই সন্মিলনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত ৯:৩০ বজাত স্মৃতি তৰ্পণ কৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডাঃ হৰেণ শইকীয়াই। 
১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা 'কবিতাৰ সমাহাৰ' শীৰ্ষক কাব্যপাঠৰ অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট কবি দিলীপ ফুকনে আৰু সঞ্চালনা কৰে ডাঃ হৰেণ শইকীয়াই।

অনুষ্ঠানত দুকুৰি কবিয়ে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। সদৌ অসম কবি সন্মিলনৰ দ্বাত্ৰিংশতিতম্‌ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিয়লি অনুষ্ঠিত মুকলি সভাত নীলকান্ত শইকীয়াই সভাপতিত্ব কৰে আৰু আদৰণি ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে। 


শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া দিপক সন্দিকৈয়ে উদ্বোধন কৰা সভাখনতেই সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত সন্মানীয় ব্যক্তি ক্ৰমে প্ৰয়াত প্ৰদীপ ভাগৱতীক (মৰোনোত্তৰ ভাৱে), নৰেন শৰ্মা, গুণকান্ত বৰুৱা, নগেন কোঁৱৰ, নৰহৰি চুতীয়া আৰু আতৰ আলী চৌধুৰীক আৰু শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।

 মুকলি সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট কবি তৰুণ বৰুৱা, আমন্ত্ৰিত অতিথিৰূপে অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা আৰু শোণিতপুৰ জিলা নিৰ্বাচনী বিষয়া প্ৰবীৰ কুমাৰ দত্ত আৰু বিশিষ্ট অতিথিৰূপে প্ৰাক্তন সভাপতি প্ৰেম গগৈ, জুলিয়ানা বেগম, আনিছ উজ জামান, ডঃ মাণিক শইকীয়া, প্ৰাক্তন প্ৰধান সম্পাদক দেৱজিৎ কুমাৰ দত্ত, হেম নাৰায়ণ দত্ত, পৰাগজ্যোতি মহন্ত, হৰেণ গগৈ, গংগামোহন মিলি আৰু বিশিষ্ট কবি মহেশ্বৰ বৰা উপস্থিত থাকিব।

অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে উন্মোচন কৰে স্মৃতিগ্ৰন্থ চিত্ৰলেখাৰ পাৰিজাত কুসুম আৰু নগাঁও বিৰিঞ্চিকুমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভুপেন শইকীয়াৰ  কাব্য সংকলন 'জনান্তিকৰ শব্দ'। ইয়াৰ পাছতেই অনুষ্ঠিত কাব্যপাঠৰ অনুষ্ঠান সঞ্চালনা কৰে বিশ্বনাথ জিলা কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি বংশী বৰাই। 

শোণিতপুৰ জিলা কবি সন্মিলনৰ সম্পাদক অপূৰ্ব বৰাৰ শলাগৰ শৰাইৰে সামৰণি পৰা মনোজ্ঞ অনুষ্ঠানটিলৈ অসমৰ সকলো কবি আৰু কাব্যানুৰাগীৰ উপস্থিতিয়ে জ্যোতি ভাৰতীৰ চৌহদ মুখৰিত কৰি তোলে।