16
May
2017

ডুমডুমাঃ তালাপৰ এপিজে চাহ কোম্পানীৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত মঙলবাৰে অৰ্ধউলংগ প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকে৷ ডুমডুমা তালাপৰ পৰা কাৰ্যালয়টো কলকাতালৈ স্থানান্তৰিত কৰাৰ প্ৰতিবাদত এনেদৰে চাহ শ্ৰমিক তথা আটছা কৰ্মীয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। চাহ জনগোষ্ঠীৰ জলন্ত সমস্যাসমূহ সমাধানৰো দাবী তুলিছে সংগঠনটোৱে।