
newsnextone.com | চাবুৱাঃ দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰম্ভ কৰিছে গণসচেতনতা অভিযান৷ কৃষত মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিখন জিলা সমিতি, আঞ্চলিক সমিতি আৰু শাখা সমিতি সমূহে ৰাইজৰ ওচৰলৈ গৈ প্ৰচাৰ পত্ৰিকা বিতৰণ আৰম্ভ কৰিছে দেওবাৰৰ পুৱাৰে পৰা৷
নাগৰিকত্ব সংশোধনী আইন গৃহিত হলে অসমক কেনে ধৰণৰ ক্ষতি কৰিব সেই কথাৰ বুজনি দিয়ে সংগঠনটোৰ নেতা-কৰ্মীয়ে৷ চ’ক বজাৰৰ ব্যৱসায়ী, পথচাৰী, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰীয়াল আদিক প্ৰচাৰ পত্ৰিকা হাতত তুলি দি ৰাইজক বুজনি দি পুনৰ শুনানি অনুষ্ঠিত হলে দলে বলে ওলাই আহিবলৈ আহ্বান জনায়৷
ডিব্ৰুগড় জিলাৰ চাবুৱাতো কৃষক মুক্তিয়ে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে৷ চাবুৱাত ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী, পথচাৰীক প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা দেখা যায়৷