
newsnextone.com | মোৰাঝাৰঃ দেশৰ সকলো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষা আঁচনিৰ আন্তৰ্ভুক্ত কৰি কম দামত খাদ্যৰ যোগান ধৰাৰ দাবী উত্থাপন হৈ অহাৰ সময়তে হোজাই জিলাৰ মোৰাঝাৰত এগৰাকী সমবায় সমিতিৰ এজেণ্টে দৰিদ্ৰ হিতাধিকাৰীক হাৰাশাস্তি কৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷
সুলভ মূল্যত চৰকাৰে দিয়া চেনি, কেৰাচিন আদি নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে সমবায় সমিতি সমূহে নিৰ্দিষ্ট এজেণ্টক দায়িত্ব দিয়ে যদিও একাশ এজেণ্টে হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
হোজাই জিলাৰ মোৰাঝাৰৰ বৰপুখুৰীত খাদ্য সুৰক্ষা আইনৰ ৰেচন নোপোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বৰপুখুৰীৰ সুলভ মূল্যৰ এজেণ্ট আব্দুল আজিজে আফৰুজা বেগম নামৰ এগৰাকী হিতাধিকাৰীৰ লগতে বহু দৰিদ্ৰ হিতাধিকাৰীক সুলভ মূল্যৰ চাউল, কেৰাচিন, চেনী আদি বিতৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ ৰাইজে অভিযোগ উত্থাপন কৰা মতে, দীৰ্ঘ দিন ধৰি এজেণ্ট গৰাকীয়ে চৰকাৰৰ ঘৰৰ পৰা দিয়া সামগ্ৰী একাংশ গ্ৰাহকক বিতৰণ নকৰি আত্মসাৎ কৰি আহিছে৷
২০১৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে দৰিদ্ৰ লোকৰ চৰকাৰে দিয়া সামগ্ৰী বিতৰণ কৰা নাই জানিবলৈ দিয়ে একাংশ লোকে৷ যোৱা ২ মে’ত হিতাধিকাৰীয়ে সামগ্ৰী আনিব যোৱাত সুলভ এজেণ্টগৰাকীয়ে অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে নিজাম উদ্দিন আহমেদ নামৰ লোক এজনক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে৷