21
Apr
2017

অভয়াপুৰীঃ ভাৰত-ভূটান সীমান্তত গৰুৰ চোৰাং বেহা ৰোধ কৰিব নোৱাৰাক লৈ সেনা-প্ৰশাসনৰ ওপৰত প্ৰশ্ন উঠাৰ সময়তে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত চহৰত জব্দ কৰা হৈছে চোৰাং গৰুসহ দুখনকৈ ভান।
চালানবিহীনভাৱে দুখন ভানেৰে ৭ টা গৰু লৈ লেংটিছিঙা অভিমুখে গৈ আছিল চোৰাং ব্যৱসায়ীয়ে। চোৰাং ব্যৱসায়ী কেইজন পলাই যাবলৈ সক্ষম হয় যদিও বজৰং দলে গৰু আৰু ভান দুখন জব্দ কৰি অভয়াপুৰী আৰক্ষীক গটাই দিয়ে। জব্দ কৰা ভান দুখনৰ নম্বৰ ক্ৰমে AS 19C 7303 আৰু AS 19C 5389।