
চতিয়াঃ শোণিতপুৰ জিলা দুৰ্যোগ ব্যৱস্থা প্ৰশমন প্ৰাধিকৰণে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২০ খন গাওঁ পঞ্চায়ত বিভিন্ন সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। মূলতঃ বানপানী, ভূমিকম্প, বিদ্যুৎ, সাধাৰণ দুৰ্ঘটনা আদিত ল’বলগা বিভিন্ন কৌশলেৰে সাধাৰণ ৰাইজক প্ৰশিক্ষিত কৰাৰ বাবেই এই সজাগতা আৰম্ভ কৰিছে।
আজি নদুৱাৰ ৰাজহ চক্ৰৰ অন্তগত বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা এই সজাগতা সভা সমূহত প্ৰশিক্ষক হিচাবে অংশগ্ৰহণ কৰে দিপাংকৰ বৰদলৈ, পল্লব বৰুৱা, সমূজ্জল হাজৰিকা, বাবুল বৰা, শুভজিৎ দাসে।
দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকৰণৰ নদুৱাৰ ৰাজহ চক্ৰৰ ক্ষেত্র বিষয়া সুপ্ৰিয়া শৰ্মাই জানিবলৈ দিয়া মতে প্ৰতিটো পঞ্চায়তৰ পৰা দুজনকৈ লোকক লৈ এটা টাক ফৌজ গঠন কৰা হ’ব৷ পৰৰ্বত্তী পৰ্যায়ত বিভাগে সেই সকল লোকক বিশেষভাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব যাতে তেওঁলোকে নিজৰ অঞ্চলত বিপদ কালত মানুহক সহায় কৰিব পাৰে।