নাৰায়ণপুৰঃ দুগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰধান শিক্ষকৰ বিৰুদ্ধে যৌন আতিশয্যা তথা গো মাংস ভক্ষণ কৰিব দিয়াৰ অভিযোগ উত্থাপন কৰাৰ পাছত এইবাৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে৷

প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে লখিমপুৰৰ নাৰায়ণপুৰত৷ নাৰায়ণপুৰ বৰচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুনজ্যোতি ফুকনৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰিছে এই অভিযোগ৷

এই অভিযোগ উত্থাপন হোৱাৰ পাছতে উত্তেজিত লোকে উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই প্ৰধান শিক্ষক অৰুনজ্যোতিক। ঘটনাক কেন্দ্ৰ কৰি নাৰায়পুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷