নলবাৰীঃ বৰপেটা জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান 'আলোড়ন'ৰ এটি দল শনিবাৰে নলবাৰী জিলালৈ আহে৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে নলবাৰী চহৰৰ শান্তি নিবাস অনাথ আশ্ৰম উপস্থিত হৈ বৃদ্ধ ককা, আইতা, কণ কণ শিশু সকলৰ সৈতে সময় অতিবাহিত কৰে৷

'আলোড়নৰ' সভাপতি মৃদুল কুমাৰ তালুকদাৰ, সম্পাদক অভি দেউৰী, বিষয়-ববীয়া লিলি ওজা, তুলিকা বৰ্মন, কংকন দাস, কাজল দাস, ডিম্পল দাস, ৰাখল চন্দ্ৰ দাস, কৃষ্ণাংগ সাউদ, টিপু চুলতান, মানৱজৌতি গোস্বামীয়ে অনাথ আশ্ৰমত  উপস্থিত হৈ আৱাসীসকলকত জাৰৰ কাপোৰ ফল-মূল বিতৰণ কৰে। আনহাতে বৰপেটাৰ বিশিষ্ট সমাজকৰ্মী ৰাতুল দেৱ শৰ্মাও উপস্থিত থাকে।

আলোড়নৰ সদস্যসকলে আশ্ৰমৰ আৱাসীৰ মুখেৰে পৰিচালক তথা সাংবাদিক মজিবুৰ ৰহমানৰ আতিথ্যৰ কথা শুনি মুগ্ধ হৈ পৰে।আশ্ৰমলৈ এতিয়ালৈ ৩৭৩গৰাকী অসহায় লোকৰ আগমন ঘটিছে। ইয়াৰে ৩৩০গৰাকী আৱাসীক পৰিচালক ৰহমানে সুদীৰ্ঘ বছৰত কাউন্সেলিংৰ জৰিয়তে পৰিয়ালক চমজাই দিবলৈ সক্ষম হৈছে।