দিচাংমুখঃ অমলে আজি কালি পত্নীৰ সহায় নহ'লে ঘৰৰ পৰাই ওলাবই নোৱাৰা৷ কালিলৈ তজ বজাই থকা, পথাৰত কাম কৰিবলৈ গৈ চিঞৰ-বাখৰ কৰি ধেমালি কৰা অমলে লাখুটি লৈ ঘৰৰ বাহিৰলৈ ওলায়৷ ওচৰ-চুবুৰীয়াই অমলক তেনে অৱস্থাত দেখি হায় হায় কৰে৷ হঠাৎ কি হ'ল অমলৰ কোনেও নাজানে৷

অপ্ৰাদেশীকৃত এখন মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অমল ফুকনৰ ৬ মাহ পূৰ্বলৈকে জীৱন ঠিকে-ঠাকে চলিছিল৷ প্ৰতিদিনে খেতি পথাৰলৈ গৈ কাম কৰিছিল অমল ফুকনে৷ সময়মতে মহাবিদ্যালয়লত উপস্থিত হৈ নিয়াৰিকৈ কাম কৰি গৈছিল৷

বহু কষ্টৰে সুখ-দুখৰ মাজেৰে পৰিয়ালটোক পোহ-পাল দিছিল অমলে৷ বিনা বেতনে কাম কৰি ভাগৰি নপৰা অমলে এদিন পথাৰৰ পৰা কাম কৰি ঘৰলৈ উভতি আহি চকুৰে কমকৈ দেখা পোৱা বুলি অনুভৱ কৰে। কেইঘন্টামানৰ ভিতৰতে অমলে কমকৈ দেখা পোৱা অনুভৱ কৰা সন্দেহটোক সঁচা প্ৰমাণিত কৰি প্ৰায় ৯০ শতাংশ নেদেখা হৈ পৰে৷

শিৱসাগৰৰ মৰণৈকিনাৰৰ বাসিন্দা অমল ফুকনৰ খবৰটো শুনি অপ্ৰাদেশীকৃত আৰুণোদয় মহাবিদ্যালয়ৰ শিক্ষকসকল হতবাক হৈ পৰে৷ মহাবিদ্যালৰ শিক্ষকসকলে ততাতৈয়াকৈ অমলৰ ঘৰত উপস্থিত হৈ স্থানীয় প্ৰগতি নাৰ্ছিং হোমত ভৰ্তি কৰায়। নাৰ্ছিং হোমত অমলক চিকিৎসা কৰে যদিও অমলৰ চকু জুৰিৰ অকণো উন্নতি নোহোৱাত পুনৰ শিৱসাগৰৰ অসামৰিক চিকিৎসালয় ভৰ্তি কৰোৱা হয়। পিছে অমলৰ চকুজুৰি ভাল হোৱাৰ লক্ষণ দেখা নগ'ল।

ইয়াৰ পাছত ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় অমলক৷ প্ৰায় ২০ দিন চিকিৎসা কৰাৰ অন্তত অমলে চকুজুৰি উন্নত নোহোৱাত নিৰাশ হৈ ঘৰলৈ উভতি আহে৷ জীৱনৰ অধিকাংশ সময় অপ্ৰাদেশীকৃত মহাবিদ্যালয়ত বিনা বেতনে কাম কৰি পাৰ কৰা অমলে এতিয়া কৰিব কি৷

অমলে পৰিয়াল পোহপাল দিব কেনেকৈ৷ ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ অমলক এতিয়া লাগে পত্নীৰ হাতখন নতুবা লাখুটি ডাল৷ অমলে জনোৱা মতে প্ৰায় ৫ মাহ পূৰ্বে এদিন পথাৰৰ পৰা কাম কৰি ঘৰলৈ উভতি আহি এখন দোকানত শীতল পানীয় খাইছিল৷ শীতল পানীয় খোৱাৰ দিনাই চকুৰে কমকৈ দেখিবলৈ আৰম্ভ কৰে অমলে৷

অমলে চকুজুৰি ভাল হ’ব বুলি আজিও আশা পুহি ৰাখিছে৷ অমলে এতিয়া ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছে ৷ চিকিৎসকে অৱগত কৰা মতে অস্ত্ৰোপচাৰ কৰিলে হেনো অমলৰ চকুজুৰি ভাল হ’ব৷ যাৰ বাবে অমলক বহু টকাৰ প্ৰয়োজন৷

আকৌ আগৰ দৰে সুস্থ হৈ উঠিবলৈ অমলক প্ৰয়োজন আপোনাৰ সহায়ৰ৷ সহায় কৰিবৰ বাবে অমলৰ ৮১৩৩০৭৪৮৩০ মোবাইল নম্বৰ নতুবা অমলৰ পত্নীৰ নামত থকা বন্ধন বেংকৰ শিৱসাগৰ শাখাৰ ৫০১৬০০১৫৪৩৬৩৪ একাউন্টত অৰ্থ সাহায্য দিব পাৰিব৷